ঢকুৱাখনাৰ  শিঙিয়া প্ৰয়াস ফাউণ্ডেচনৰ আৰ্ত পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ 

0 226

প্ৰতিষ্ঠা কালৰে পৰা সমাজ হিতৈষী বিভিন্ন কৰ্মৰাজিৰে ঢকুৱাখনা মহকুমাৰ অগ্ৰণী কল্যাণকামী  বেচৰকাৰী সামাজিক সংগঠন হিচাপে পৰিচিতি লাভ কৰি আহিছেশিঙিয়া প্ৰয়াস ফাউণ্ডেচনে। 
বিগত সময়চোৱাত দৰিদ্ৰ আৰ্তজনৰ  লগতে কেও কিছু নোহোৱা  উপাৰ্জনহীন বৃদ্ধ বৃদ্ধা , ৰোগাক্ৰান্ত ব্যক্তি , বিশেষ ভাৱে সক্ষম আদি সকলো শ্ৰেণীৰ ৰাইজৰ  অভাৱ দুৰ্দশাৰ সময়ত এই জন দৰদী বেচৰকাৰী সংগঠনটোৱে পাৰ্য মানে সহায় সহযোগিতা আগবঢ়াই আহিছে।  যোৱাটো ক`ভিড কালীন জটিল সময়ত ধাৰাবাহিক ভাবে  ক`ৰণা আক্ৰান্ত পৰিয়াল সমূহৰ মাজত  খাদ্য সামগ্ৰী , শিশু খাদ্য আদি যোগান ধৰি অহা এই সংগঠনটোৰ উদ্যোগত  দেওবাৰে  ১০ টা  দৰিদ্ৰ উপাৰ্জনহীন পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিনামূলীয়া ভাবে যোগান ধৰে । প্ৰয়াস ফাউণ্ডেচনৰ সম্পাদক মৃদুল বৰপাত্ৰ নেতৃত্বত  সদস্য  জিন্টু বৰগোঁহাই , শিৰোমণি গগৈ , সৌৰভ গগৈৰ সহযোগত দেওবাৰে অঞ্চলটোৰ ১ নং শিঙিয়া ,গৰৈমাৰী আদি গাঁওৰ  দৰিদ্ৰ উপাৰ্জনহীন বৃদ্ধ দম্পত্তি , বিশেষভাৱে সক্ষম ব্যক্তি,  ৰোগাক্ৰান্ত পৰিয়াল আৰু বিধবা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।  নেতৃবৰ্গৰ নিজা আৰু একক অৰ্থ সাহায্যৰে আলু  দাইল, ,পিঁয়াজ , নহৰু, মিঠাতেল, চয়াবিন , মেগী , চাবোন , কেঁচা পাচলি আদি সন্নিবিষ্ট এটাকৈ টোপোলা ঘৰে ঘৰে গৈ বিতৰণ কৰি পৰিয়াল সমূহক উপকৃত কৰে।
ফাউণ্ডেচনৰ সামগ্ৰী বিতৰণকাৰী দলটোৱে জনসাধাৰণক স্বাস্থ্য সজাগতামূলক পৰামৰ্শ আগবঢ়াই ক`ভিড সৃষ্ট জটিল সময়ছোৱাত  সজাগ আৰু সচেতন হৈ থকাৰ আহ্বান জনায়। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.