ঢকুৱাখনাৰ  শিঙিয়া প্ৰয়াস ফাউণ্ডেচনৰ ক’ভিড আক্ৰান্তক সাহাৰ্য্য প্ৰদান

0 265

ঢকুৱাখনা মহকুমাৰ অগ্ৰণী বেচৰকাৰী সামাজিক সংগঠন শিঙিয়া প্ৰয়াস ফাউণ্ডেচনৰ উদ্যোগত দেওবাৰে  অঞ্চলটোৰ ক`ভিড আক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ বিনামূলীয়াকৈ যোগান ধৰা হয়।  দেওবাৰে  দুপৰীয়া  ১ নং শিঙিয়া অঞ্চলৰ ক’ভিড আক্ৰান্তহৈ  আবদ্ধ এলেকাত বাস কৰা ব্যক্তি সকলৰ পৰিয়ালৰ মাজত  চাউল , দাইল ,আলু ,বিস্কুট ,মিঠাতেল , পিয়াঁজ , নিমখ , চাবোন, জাতিলাও  আদি  খাদ্য সামগ্ৰী  বিনামূলীয়া ভাবে যোগান ধৰা হয়। ফাউণ্ডেচনৰ   এটা দলে আবদ্ধ এলেকাৰ ব্যক্তি সকলৰ মাজত স্বাস্থ্য সজাগতামূলক পৰামৰ্শ দি  সজাগ আৰু সচেতন হৈ থকাৰ বাবে আহ্বান জনায়।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই..

Leave A Reply

Your email address will not be published.