ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থানত পাছতি উৎসৱ  পালন 

0 320

উজনি অসমৰ ঐতিহাসিক বৈষ্ণৱ পীঠ ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ।দেশ বিদেশৰ  অগণন ভক্ত বৈষ্ণৱৰ সেৱাৰ থলী স্বৰূপ  এই পৌৰাণিক বৈষ্ণৱ পীঠত বুধবাৰে  পৰম্পৰাগত ধৰ্মীয়  ৰীতি নীতিৰে অনুষ্ঠিত কৰা হয় পাছতি উৎসৱ।শ্ৰী কৃষ্ণৰ জন্ম উৎসৱৰ লগত জড়িত এই ভাগি  উৎসৱ আজি সত্ৰ প্ৰাংগনত বিয়লি প্ৰায় ৩ বজাৰ পৰা আৰম্ভ হয়। অগণন ভক্ত প্ৰাণ মহিলা  সমাজ ,সত্ৰ পৰিয়ালৰ  আইমাতৃ  সকলৰ অংশ গ্ৰহণেৰে  অনুষ্ঠিত  এই  উৎসৱৰ  নান্দনিকতাই দিনে নিশাই ভকত বৈষ্ণৱ সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে । জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ  অমূল্য সৃষ্টিৰাজিৰ প্ৰণালীবদ্ধ  উপস্থাপনৰ  সমান্তৰাল ভাৱে  হৰি নামৰ অমিয়া সুৰে সত্ৰ প্ৰাঙ্গন মুখৰিত কৰি ৰাখে।গুৰু বাদ্য হৰি কীৰ্ত্তনৰ অমূল্য সুৰৰ ঝংকাৰে মৈত্যৰ বৈকুণ্ঠ পুৰীলৈ পৰিণত কৰি তোলে নিশাৰ পৰ্যন্ত। বিগত  শতিকা জুৰি সত্ৰখনত পালিত এই ভাগি উৎসৱ বুধবাৰৰ নিশা ৮ বজা  পৰ্যন্ত অব্যাহত থাকে।
বাতৰি যুগুতালে ঢকুৱাখনাৰপৰা অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.