ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত  আৰম্ভ নাম লগোৱা উৎসৱ

0 394

জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া  সৃষ্টি এক শৰণ নাম ধর্মৰ প্ৰসাৰ আৰু প্ৰচাৰেৰে  বৃহত্তৰ অসমীয়া জাতিৰ জাতীয় আধ্যাত্মিক পৰম্পৰাৰ বান্ধোন  কটকটীয়া কৰি আহিছে লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাত অৱস্থিত  ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰই । চুতীয়া ৰজা লক্ষ্মী নাৰায়নে ১৩২৩ শকতে স্থাপন কৰা এই উত্তৰ অসমৰ ভক্ত প্ৰাণ ৰাইজৰ অন্যতম প্ৰধান  ভক্তি পীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত শাওন আৰু পবিত্ৰ ভাদ মাহৰ সংক্ৰান্তিৰ দিন মংগলবাৰৰ পুৱাৰ পৰা শুভাৰম্ভ হৈছে মাহজোৰা নাম লগোৱা  উৎসৱ । এই উপলক্ষেত   ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰৰ  বৰনামঘৰ প্ৰাঙ্গনত ভক্ত বৈষ্ণৱৰ  আগমনত হৈছে। সংক্ৰান্তিৰ  দিন মঙলবাৰৰ পুৱাৰ পৰাই ভকত বৈষ্ণৱৰ হৰি নামৰ অমিয়া ধ্বনি ,গুৰু বাদ্যৰ ছন্দোময়তাত সত্ৰ পীঠখন মত্যৰ বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে। সংক্ৰান্তিৰ পবিত্ৰ পুৱাতে ইতিহাস প্ৰসিদ্ধ থানখনৰ নাম লগোৱা পৰ্বলৈ সমীপৱৰ্তী অগণন আয়তী,ভকত তথা ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে। ক`ৰণা সৃষ্ট জটিল পৰিবেশ পৰিস্থিতিয়ে থানখনত সৃষ্টি কৰি অহা এক নিমাওমাও পৰিবেশৰ পাছত মঙলবাৰৰ পৰা নতুনকৈ প্ৰাণ পাই উঠা দৃষ্টিগোচৰ হৈছে।ভক্ত বৈষ্ণৱৰ  হৰি নামৰ ধ্বনিৰে প্ৰবাহিত ভক্তি ৰসৰ আধ্যাত্মিকতাত বিধৌত হোৱা  সত্ৰ প্ৰাংগনত  মঙ্গলবাৰে পুৱা ৪ বজাত  নাম লগোৱা পৰ্ব আৰম্ভ কৰা হয় পুৱা প্ৰসংগৰে । ইয়াৰ পাছতে পুৱা ১০ বজাত আৰম্ভ কৰা হয় আই নাম প্ৰসংগ ।  আয়তী সকলৰ  ” হিয়াৰ মাজে নামৰ ভাণ্ডাৰ …মুখে বাজ হয় “আদি নামৰ ধ্বনিয়ে মত্যৰ বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰে  বৰ নামঘৰৰ মজিয়া।ইয়াৰ পৰৱৰ্তী সময়ত  প্ৰসংগিয়া নাম আৰম্ভ হয়। সত্ৰৰ ডেকা সত্ৰীয়া বীৰেন্দ্ৰ দেৱ গোস্বামীয়ে মূল নাম লগোৱা পৰ্বৰ গুৰি ধৰা অনুষ্ঠান ভাগিৰ হৰি নামৰ অপূৰ্ব ধ্বনি ,গুৰুবাদ্য খোল ,ডবা,শঙ্খ ,কাঁহৰ অমিয়া লহৰত বিধৌত হৈছে সত্ৰ প্ৰাঙ্গন। অহা ৩১ ভাদ পৰ্যন্ত নিশা ১০ বজালৈ ক`ভিড প্ৰ`টকল মানি অব্যাহত থাকিব লগা এই ভদিয়া নাম লগোৱা পৰ্বত সত্ৰখনৰ সত্ৰাধিকাৰ  প্ৰভু ভূপেন্দ্ৰ দেৱ গোস্বামী ,ডেকা সত্ৰীয়া ভোগেন্দ্র দেৱ গোস্বামী প্ৰভুৱেও নিশা পৰ্যন্ত নাম লগোৱা পৰ্বত অংশ গ্ৰহণ কৰে।  অতুল চন্দ্ৰ দেৱ গোস্বামী ,  বুদ্ধেশ্বৰ ডেকা ,অভিজিত দেৱ গোস্বামীকে ধৰি  সত্ৰ পৰিয়ালৰ সকলো  আই, বাপ বান্ধৱ , বিভিন্ন জিলাৰ পৰা আগমন ঘটা বৈষ্ণৱী ৰাইজ উপস্থিত থাকি নাম লগোৱা উৎসৱৰ আধ্যাত্মিকতাত নিজকে বিলাই দিয়ে। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.