ঢকুৱাখনাৰ ২৩ ক’ভিড টিকাকৰণ কেন্দ্ৰত যুৱ মৰ্চাৰ সজাগতা অভিযান

0 266

সজাগতা আৰু সাৱধানতাই দেশৰ পৰা ক`ভিড নিৰ্মূল অভিযানৰ প্ৰধান অস্ত্ৰ। জন সচেতনতা সৃষ্টিৰে প্ৰতিগৰাকী নাগৰিকে নিজৰ লগতে অন্য নাগৰিকৰো জীৱন সুৰক্ষিত কৰাৰ আহ্বানেৰে মঙ্গলবাৰে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয় ঢকুৱাখনাত। “ৰেইছড” নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি হেমন্ত গগৈ, সাধাৰণ সম্পাদক মনোৰঞ্জন বৰগোঁহাই, আৰু অৰূপ শইকীয়াৰ নেতৃত্বত ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদী মণ্ডল যুৱ মৰ্চাৰ সহযোগত সমষ্টিটোৰ মুঠ ২৩ টা ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰত স্বেচ্ছামূলক সেৱা আগবঢ়োৱা হয়। সমষ্টিটোৰ টিকাকৰণ কেন্দ্ৰ সমূহত দেখা দিয়া ব্যাপক জন সমাগম আৰু ক’ভিড প্ৰটকল ভংগকাৰী পদক্ষেপৰ প্ৰতি দৃষ্টি ৰাখি কেন্দ্ৰ সমূহত যুৱ মৰ্চাৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকলে শৃংখলাবদ্ধতাৰে ক’ভিড বিধি মানি এই চৰকাৰী সেৱা লাভ কৰাত নাগৰিক সমাজ আৰু স্বাস্থ্য বিভাগক সহযোগিতা আগবঢ়াই। কিছু কেন্দ্ৰত বিধায়ক নৱ কুমাৰ দলেয়েও উপস্থিত থাকি সহযোগিতা আগবঢ়োৱা এই কাৰ্যসূচীত প্ৰতিটো কেন্দ্ৰত নূন্যতম ৭ গৰাকীকৈ কাৰ্যকৰ্তাই অবিৰাম সেৱা আগবঢ়াই। তাৰোপৰি কেন্দ্ৰ সমূহত শাৰী পাতি ভেকচিন ল’বলৈ অপেক্ষা কৰা নাগৰিক সকলৰ মাজত মাস্ক , চেনিটাইজাৰ ,বিশুদ্ধ খুৱাপানী আদি যোগান ধৰি চৰকাৰী ভাবে গ্ৰহণ কৰা ক’ভিড- ১৯ নিৰ্মূল অভিযান সফল কৰি তোলাৰ বাবে সমষ্টিবাসীৰ প্ৰতি যুৱ মৰ্চাই আহ্বান জনায়।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই..

Leave A Reply

Your email address will not be published.