ঢকুৱাখনা জিলা ট্ৰাইবেল সংঘৰ পকী বেৰা নিৰ্মান আঁচনি উদ্ধোধন

0 289

সীমাহীন অভাৱ সমস্যাৰে ভাৰাক্ৰান্ত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাৰ বাবে প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বর্তমানৰ ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ  মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ কাৰ্যকালৰ পৰা  নিৰন্তৰ প্ৰয়াস অব্যাহত ৰখা হৈছে।  ডাঃ পেগুৰ উত্তৰসুৰী মুখ্য কাৰ্যবাহী সদস্য পৰমা নন্দ চায়েঙিয়া নেতৃত্বাধীন নিৰ্বাচিত পৰিষদখনে ডাঃ পেগুৰ পদাংক অনুসৰণ কৰি পৰিষদীয় এলেকাৰ আন্তঃ গাঁথনি সবল কৰাৰ বাবে বিভিন্ন  কৰ্ম আঁচনি গ্ৰহণ কৰি উত্তৰণৰ পথত পৰিষদীয় উন্নয়নকামী ৰাইজক আগুৱাই নিবলৈ সক্ষম হৈছে।গণতান্ত্ৰিক ভাবে নিৰ্বাচিত স্বায়ত্ব শাসিত পৰিষদৰ  পূৰ্বৰ পৰিষদ সমূহৰ কাৰ্যকালত কাম নকৰাকৈ আঁচনিৰ পুঁজি উদৰস্থ কৰাৰ মুকলি প্ৰতিযোগিতা চলিছিল। ফলত আবন্তিত পুঁজিৰ বিপৰীতে উন্নয়ন বিকাশ  সম্ভৱ নহৈছিল। কিন্তু  গণতান্ত্ৰিক ভাবে নিৰ্বাচিত হৈ পৰিষদৰ নেতৃত্ব  লোৱাৰ পৰৱৰ্তী সময়ত এনে লুণ্ঠৰাজ বন্ধ হ`ল। আবন্তিত পুঁজিৰ প্ৰতিটো টকাৰ সদব্যৱহাৰ কৰাটো আজিৰ দিনৰ পৰিষদৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য আৰু দায়িত্ব।মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ভৈয়াম জনজাতি আৰু অন্যান্য পাছপৰা কল্যান  দপ্তৰৰ অৰ্থসাহায্যৰে নিৰ্মিত ঢকুৱাখনা জিলা জনজাতি সংঘৰ চৌহদৰ পকী বেৰা ও লোৰ গেট নিৰ্মান আঁচনিখন বুধবাৰে শুভ উন্মোচন কৰি এই মন্তব্য কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।স্বায়ত্ব শাসিত পৰিষদৰ প্ৰায় ১৪ লাখ টকা ব্যয় সাপেক্ষ আঁচনিখনৰ শুভ উন্মোচন কৰি পৰিষদৰ অধ্যক্ষ পেগুৱে এই আঁচনিয়ে ট্ৰাইবেল সংঘৰ স্থায়ী সুৰক্ষাজনিত এটা দীৰ্ঘদিনীয়া সমস্যা এটা পূৰণ কৰিলে বুলি কৈ অচিৰেই এই চৌহদত জনজাতীয় শিক্ষাৰ্থীৰ বাবে উপযোগী এটা অত্যাধুনিক ছাত্ৰাবাস আৰু এটা প্ৰেক্ষাগৃহ নিৰ্মান কৰাৰ  আশ্বাস দিয়ে। ঢকুৱাখনা জিলা জনজাতি সংঘৰ সভাপতি যতীন পেগু ,ঢকুৱাখনা জিলা পৰিষদৰ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাং , পৰিষদৰ সাধাৰণ সদস্য বিউটি পেগুৰ সহযোগিতাত আঁচনিখন উদ্ধোধন কৰে অধ্যক্ষ পেগুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিষদিয় এলেকাৰ অধিক উন্নয়ন সাধনৰ  হেতু পৰ্য্যাপ্ত পুঁজি মোকলাই দিয়াৰো আহ্বান জনায় । মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু জিলা নেতৃবৃৰ্গ ক্ৰমে ক্ষীৰোদ পেগু , দিপাঞ্জল দলে ,ৰাজীৱ দলে , জিলা নেতৃত্ব মোহন পেগু , দীপেন দলে, কাশ্মিৰীকা দলে , বৃগেন দলে ,গজেন দলে , অমৃত দলে ,বীৰেন দলে , ভবেন্দ্ৰ পেগু ,মলেছ দলে , সংঘৰ ভাৰপ্ৰাপ্ত সম্পাদক অমৰজিত দলে ,সন্মিলিত গনশক্তি অসম দলৰ কেন্দ্ৰীয় সদস্য নৰ নাথ চণ্ডী ,  ঢকুৱাখনা ব্লক সভাপতি নৱ পাতিৰ, উপদেষ্টা লক্ষ্য নাথ দলে , ঢকুৱাখনা আঞ্চলিক পৰিষদৰ সভাপতি শিৰোমণি দলে, পঞ্চায়ত প্ৰতিনিধি দেৱেশ্বৰ পেগুকে প্ৰমুখ্য কৰি মিচিং জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক জাতিয় সংগঠনৰ কৰ্মকর্তা আৰু  ৰাইজ উপস্থিত থকা উন্মোচনী সভাত ইন্দ্ৰ কুমাৰ চুংক্ৰাং ,  সভাপতি যতীন পেগু আদিয়েও চমু বক্তব্য আগবঢ়াই পৰিষদৰ পদক্ষেপক শলাগ লয়। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.