ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ অধিবেশন আৰম্ভ

0 261

ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ  অষ্টম দ্বিবাৰ্ষিক অধিবেশনখন  আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।  ঢকুৱাখনা মহকুমাৰ সোৱনশিৰি মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত  সন্থাৰ পতাকা উত্তোলনেৰে দুদিনীয়া অধিবেশনৰ শুভাৰম্ভ কৰে জিলা সন্থাৰ সভাপতি প্ৰফুল্ল চুতীয়াই। জিলা সন্থাৰ অন্তৰ্গত প্ৰধান শিক্ষক সকলৰ সহযোগিতাত ৰূপায়িত এই  কাৰ্যসূচীৰ পাছতে  স্মৃতি তৰ্পণ কৰে জিলা সম্পাদক মিন্টু কুমাৰ গগৈয়ে। জিলা সন্থাৰ অন্তৰ্গত কেইবা শতাধিক শিক্ষক কৰ্মচাৰী উপস্থিত থকা  পতাকা উত্তোলন কাৰ্যসূচীৰে  অধিবেশনৰ শুভাৰম্ভ কৰি সভাপতি প্ৰফুল্ল চুতীয়াই  শিক্ষক কৰ্মচাৰী সকল সমাজৰ অতন্দ্ৰ প্ৰহৰী বুলি কৈ মজলীয়া শিক্ষক কৰ্মচাৰী সকলৰ নাৰ্য প্ৰাপ্য আদায়ৰ লগতে এখন সুস্থ আৰু প্ৰগতিশীল  শৈক্ষিক সমাজ গঢ়াৰ ক্ষেত্ৰত সন্থাই ভৱিষ্যত প্ৰজন্মক উৎকৃষ্ট মানৱ সম্পদ হিচাপে গঢ় দিয়াত আজীৱন সেৱা আগবঢ়াই গৈছে আৰু ভৱিষ্যতেও যাব বুলি মন্তব্য কৰে। জিলা সন্থাৰ কেইবা শতাধিক শিক্ষক কৰ্মচাৰীৰ আগমন ঘটা অধিবেশনৰ দুপৰীয়া প্ৰতিনিধি পঞ্জীয়ন হোৱাৰ পাছত বিয়লিলৈ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয় কেন্দ্ৰীয় পৰ্যবেশক তথা ৰাজ্যিক সমিতিৰ উপ সভাপতি প্ৰদীপ শৰ্মাৰ উপস্থিতিত।জিলা অধিবেশনৰ কাইলৈ অন্তিম দিনৰ  প্ৰথম কাৰ্যসূচী  শিক্ষাৰ্থী সকলৰ  মাজত সাহিত্য প্ৰতিযোগিতাৰে শুভাৰম্ভ হ`ব । পৰৱৰ্তী সময়ত শিক্ষাবিদ ডঃ বিনোদ পাতিৰৰ সঞ্চালনাত অনুষ্ঠিত হ`ব ” মাদক দ্ৰব্য আৰু যুৱ উশৃংখলতা” শীৰ্ষক এক মনোজ্ঞ আলোচনাচক্ৰ । শিক্ষবিদ ঠাকুৰ মেদক,  নগেন চন্দ্ৰ দলে, প্ৰাক্তন ছাত্ৰ নেতা পদ্মলোচন দলে আদিয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰিব লগা আলোচনা চক্ৰৰ পাছতে জিলা সভাপতি প্ৰফুল্ল চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ`ব মুকলি সভা।  লখিমপুৰ জিলা শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শক ডঃ ৰমেশ চন্দ্ৰ চুতীয়াই উদ্ধোধন কৰিব লগা মুকলি সভাত  লখিমপুৰ জিলা সন্থাৰ সভাপতি গিৰীশ বৰা ,  প্ৰবীণ শিক্ষাবিদ চেনিৰাম বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ  কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং আদি বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদে অংশ গ্ৰহণ কৰিব বুলি প্ৰচাৰ  সভাপতি দুলাল দিহিঙীয়াই জানিবলৈ দিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.