ঢকুৱাখনা জিলা মাধ্যমিক শিক্ষক আৰু কমচাৰী সন্থা-সোৱণশিৰিত অষ্টম দ্বি-বাষিক অধিবেশনৰ প্ৰস্তুতি

0 204

অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ অন্তৰ্গত ঢকুৱাখনা জিলা  মাধ্যমিক  শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ  অষ্টম দ্বি বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।  ঢকুৱাখনা মহকুমাৰ উজনি সোৱণশিৰি মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই অধিবেশন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে । সভাপতি বিজয় দলে, উপ-সভাপতি বিষ্ণু ৰাম চিন্তে,সূৰ্য পাতিৰ, সম্পাদক  প্ৰবিন  কুমাৰ কমান, প্ৰচাৰ সমিতিৰ সভাপতি দুলাল দিহিঙ্গীয়া, সম্পাদক মাধব পেগু লৈ  গঠিত এখন অভ্যৰ্থনা সমিতিৰ জৰিয়তে  অধিবেশনখন  সাফল্য মণ্ডিত কৰাৰ তৎপৰতা অব্যাহত আছে । অধিবেশনৰ প্ৰথম দিনা পতাকা উত্তোলন ,স্মৃতি তৰ্পণৰ পাছতে প্ৰতিনিধি শিবিৰ উন্মোচন, প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হব। দ্বিতীয় দিনা শিক্ষাৰ্থী সকলৰ  মাজত অনুষ্ঠিত হ`ব সাহিত্য প্ৰতিযোগিতা।  ইয়াৰ পাছতে শিক্ষাবিদ ডঃ বিনোদ পাতিৰৰ সঞ্চালনাত অনুষ্ঠিত হ`ব মাদক দ্ৰব্য আৰু যুৱ উশৃংখলতা শীৰ্ষক এক আলোচনাচক্ৰ । শিক্ষবিদ ঠাকুৰ মেদক,  নগেন চন্দ্ৰ দলে, প্ৰাক্তন ছাত্ৰ নেতা পদ্মলোচন দলে আদিয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰিব লগা আলোচনা চক্ৰৰ পাছতে জিলা সভাপতি প্ৰফুল্ল চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ`ব মুকলি সভা।  লখিমপুৰ জিলা শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শক ডঃ ৰমেশ চন্দ্ৰ চুতীয়াই উদ্ধোধন কৰিব লগা মুকলি সভাত  লখিমপুৰ জিলা সন্থাৰ সভাপতি গিৰীশ বৰা ,  প্ৰবীণ শিক্ষাবিদ চেনিৰাম বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ  কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে অভ্যৰ্থনা সমিতিয়ে । ঢকুৱাখনা জিলা সমিতিৰ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল চুতীয়া, সাধাৰণ সম্পাদক মিন্টু গগৈ আৰু প্ৰচাৰ সভাপতি দুলাল দিহিঙীয়াই  অধিবেশনৰ দুয়োটা দিনৰ কাৰ্যসূচীত অভিভাৱক,শিক্ষানুৰাগী ৰাইজৰ উপস্থিতি আৰু  সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.