ঢকুৱাখনা জিলা ৰিটাৰ্ণিং বিষয়াৰ সংবাদমেল-নতুন ভোটাৰক নামভৰ্তিৰ ব্যাপক অভিযান ঘোষণা

0 360

অসম বিধানসভাৰ ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত  ১৯ বছৰৰ উৰ্ধৰ সকলো নৱ প্ৰজন্মক ভোটাধিকাৰ প্ৰদানৰ লক্ষ্যৰে  এক পৰিকল্পিত কৰ্ম আঁচনি গ্ৰহণ কৰিছে  জিলা নিৰ্বাচনী বিভাগে। বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ঢকুৱাখনা, ঘিলামৰা আৰু কদম ৰাজহ চক্ৰৰ  অন্তৰ্গত  বিভিন্ন শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থানত  নব প্ৰজন্মৰ  ভোটাৰক সংশোধিত ভোটাৰ তালিকাত নাম ভৰ্তিৰ বাবে গ্ৰহণ কৰা কৰ্মসূচী সন্দৰ্ভত বৃহস্পতি বাৰে  সংবাদমেল যোগে ব্যক্ত কৰে সমষ্টিটোৰ জিলা  ৰিটাৰ্ণিং বিষয়া , ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া তথা  মহকুমাধিপতি গুৰনেইল সিঙে ।  মহকুমাধিপতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত জিলা  নিৰ্বাচনী বিষয়া  সিঙে  কয় যে সমষ্টিটোৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা  ২ লাখ ১২ হাজাৰ ২৪৯ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল মুঠ ১লাখ ৬  হাজাৰ ৭৪২ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ১লাখ ৫ হাজাৰ ৫০৭ গৰাকী । চলিত খচৰা  ভোটাৰ তালিকা অনুসৰি  ২০২১ বর্ষৰ ভোটাৰ তালিকাৰ তুলনাত এইবাৰ ভোটাৰৰ সংখ্যা  বৃদ্ধি পাইছে মুঠ ১হাজাৰ ৭০৩  গৰাকী ।মহকুমাধিপতি তথা ঢকুৱাখনা জিলা ৰিটাৰ্ণিং বিষয়া সিঙে জনোৱা মতে সংশোধিত ভোটাৰ তালিকাত  নাম ভৰ্তি আৰু কৰ্তনৰ দাবী আৰু ওজৰ আপত্তি দাখিলৰ সময়  ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত অব্যাহত থাকিব। ২০ ডিচেম্বৰত দাবী আৰু আপত্তি নিষ্পত্তি কৰি ২০২২ বর্ষৰ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব নিৰ্বাচনী বিভাগে ।  মুঠ ৭২৯ গৰাকী “ডি ভোটাৰ” বিশিষ্ট সমষ্টিটোৰ  ঢকুৱাখনা মহাবিদ্যালয়, ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয় আৰু বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা অহা ১৩ আৰু ১৪ নৱেম্বৰত  বিশেষ শিবিৰ অনুষ্ঠিত কৰি নৱ প্ৰজন্মৰ ভোটাৰক ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰাৰ এক অভিযান চলাব বুলি কৈ ভোটাৰৰ মাজত সজাগতা  সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে।  সহকাৰী আয়ুক্ত অভিজাত বৰুৱা আৰু নিৰ্বাচনী কৰ্মচাৰী সকল উপস্থিত থকা সভাত  অনাগত সময়ত সমষ্টিটোৰ ১৯.বছৰ অতিক্রমা প্ৰতিগৰাকী  নৱ প্ৰজন্মৰ  ভোটাৰক সংশোধিত ভোটাৰ তালিকাত  অন্তৰ্ভুক্ত কৰাৰ সংকল্প লোৱা বুলি দৃঢ়তাৰে প্ৰকাশ কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.