ঢকুৱাখনা পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

0 249

অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ এছ ই চি ১৪৫/২০১৯/৩৬০ নং  নিৰ্দেশনা অনুসৰি ঢকুৱাখনা পৌৰ সভাৰ অন্তৰ্গত মুঠ ১০ টা ৱাৰ্ডৰ চূড়ান্ত ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।  ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুৰনেইল সিংয়ে মঙ্গলবাৰে  এই চূড়ান্ত ফটো যুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে। প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি  মুঠ ১০টা ৱাৰ্ডৰ ভিতৰত ১নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ৭৬৮টা । ইয়াৰে পুৰুষ ভোটাৰৰ  সংখ্যা ৩৭৮ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৩৯০ গৰাকী। ২নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ৮৯৬ গৰাকী । ইয়াৰে  পুৰুষ ভোটাৰৰ সংখ্যা ৪৪১ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৪৫৫গৰাকী । ৩নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ৯১৮ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৫২গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৪৬৬ গৰাকী। ৪নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ১০৭১ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল ৫৪৮ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৫২৩ গৰাকী।  ৫ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ১০৭৯ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৫৪৯ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৫৩০ গৰাকী। ৬ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা ১০২৫ ।  ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল ৫০৩ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৫২২গৰাকী। ৭ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ১১৯৭ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল ৬০৫ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৫৯২ গৰাকী । ৮ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ১০৯৩ গৰাকী ।ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল ৫৬৮ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৫২৫ গৰাকী।  ৯নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ৮৪৬ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল ৪৩৫ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৪২৯ গৰাকী । তেনেদৰে ১০ নং ৱাৰ্ডৰ মুঠ ভোটাৰৰ সংখ্যা হল ১২৭১ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হল ৬৫৭ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৬১৪গৰাকী ।  প্ৰকাশিত  ভোটাৰ তালিকা অনুসৰি  পৌৰ সভা এলেকাৰ সৰ্বমুঠ পুৰুষ ভোটাৰৰ সংখ্যা হল ৫ হাজাৰ ১৩৬ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হল ৫ হাজাৰ ০৪৬ গৰাকী।  মুঠ ২০ টা ভোটকেন্দ্ৰ বিশিষ্ট ঢকুৱাখনা পৌৰসভাৰ চূড়ান্ত ফটো সম্বলিত ভোটাৰ তালিকা সংশ্লিষ্ট কাৰ্যালয়ৰ জৰিয়তে ৰাজনৈতিক দল সমূহলৈ প্ৰেৰণ কৰাৰ লগতে চৰকাৰী কাৰ্য্যালয়ত ৰাজহুৱা পৰিদর্শনৰ বাবে আঁৰি দিয়া  হৈছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.