ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  ক্লিন ঢকুৱাখনা কাৰ্যসূচী

0 171

১৯৬৯ চনতে স্থাপিত ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ)ৰ অৰ্ধশতিকাৰো অধিক কালজোৰা  জনকল্যাণমুখী  পৰিক্ৰমাৰ  ধাৰাবাহিকতা অব্যাহত ৰাখি শুক্ৰবাৰে  ঢকুৱাখনা নগৰ নিকাকৰণ কাৰ্যসূচী হাতত লোৱা হয়।   ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস হিচাপে উদযাপিত হৈ অহা ২৪ ছেপ্টেম্বৰৰ দিনটোৰ লগত সংগতি ৰাখি ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত  নগৰ পৰিষ্কৰণ আৰু মহাবিদ্যালয় চৌহদ পৰিস্কৰণ কৰ্মসূচী গ্ৰহণ কৰা হয়।  মহাবিদ্যালয় এন এছ এছ গোটৰ  আঁচনি  বিষয়া অধ্যাপক  তবেন্দ্ৰ দাস ,  ছাত্ৰ নেতা সুমন জ্যোতি গগৈ ,ছাত্ৰী নেত্ৰী বৃষ্টি শিখা দত্তৰ নেতৃত্বত অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰী তথা স্বেচ্ছাসেৱীয়ে  হাতে হাতে ঝাড়ু , বাঢ়নী লৈ নগৰৰ ৰাজপথ ,ব্যৱসায়িক প্ৰতিষ্ঠানৰ এলেকা  আদি নিকাকৰণ কৰে।  ঢকুৱাখনা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত মাচি তপ্ন ,  ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ নৰেন্দ্ৰ নাথ দত্ত  আদিয়েও সহযোগিতা আগবঢ়োৱা  নগৰাঞ্চল নিকাকৰণ কাৰ্যসূচী নগৰ চাৰিআলিৰ পৰা আৰম্ভ কৰি ঢকুৱাখনা মহাবিদ্যালয় চৌহদত সফল  সামৰণি মৰা হয়।  তাৰোপৰি ৰাষ্ট্ৰীয় এন এছ এছ  দিৱসৰ তাৎপৰ্য উল্লেখেৰে  নগৰ চাৰিআলিত অনুষ্টুপীয়াভাবে আয়োজন কৰা হয় এক সজাগতা পথ সভাৰ।  সজাগতা সভাত সহকাৰী আয়ুক্ত  মাচি তপ্ন , মহাবিদ্যালয়ৰ ডঃ নৰেন্দ্ৰ নাথ দত্তই  পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু  প্ৰদূষণ মুক্ত পৰিবেশ  গঢ়াত  ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ নাগৰিকৰ কৰণীয়তা সন্দৰ্ভত চমু বক্তৱ্য ৰাখে। সভাতে ৰাষ্ট্ৰীয় সেৱা আঁচনি দিৱস উপলক্ষে “ক্লিন ঢকুৱাখনা – ক্লিন ঢকুৱাখনা মহাবিদ্যালয়” শ্লোগানেৰে পালন কৰা  জনকল্যানকামী কাৰ্যসূচীৰ সাফল পৰিসমাপ্তিৰ  বাবে  মহকুমা প্ৰশাসন , স্বেচ্ছাসেৱী  শিক্ষাৰ্থী আৰু  শুভাকাংক্ষী সকলোলৈকে   মহাবিদ্যালয় এন এছ এছ গোটৰ আঁচনি বিষয়া  তবেন্দ্ৰ দাসে আন্তৰিক কৃতজ্ঞতা জনায়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.