সৰুৰে পৰা এক্সনধৰ্মী চিনেমা চাই খুব ভাল পাইছিলো।এক্সন চিনেমাই মোৰ কেৰিয়াৰক আগবঢ়াই নিয়াত সহায় কৰিলে।এই মন্তব্য মন্টু দেউৰীৰ।১০ জানুৱাৰীত মুক্তি লাভ কৰা তানাজী চিনেমাৰ সমান্তৰালভাৱে চৰ্চিত হৈছে অসমৰ মন্টু দেউৰীৰ নাম।কিয়নো মন্টু দেউৰীয়ে তানাজী চিনেমাত বহু সময়ত অভিনেতা চেইফ আলী খানৰ চৰিত্ৰৰ বডি ডাবল কৰিছে।অৰ্থাৎ সাধাৰণ ভাষাত ক’বলৈ গ’লে চেইফ আলী খানৰ চৰিত্ৰৰ কিছু অংশত অভিনয় কৰিছে।উল্লেখযোগ্য যে মন্টু দেউৰীয়ে ইতিপূর্বেও বলিউডৰ ৩ খন ছবিত এক্সনৰ কাম কৰিছিল।এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে মুম্বাইত কেৰিয়াৰ আগবঢ়াই নিয়াৰ ক্ষেত্রত কেনী বসুমতাৰী পথ প্ৰদৰ্শক আছিল।এয়া মাথো আৰম্ভণিহে।মই সপোন নেদেখো।কামহে কৰো।তানাজী চিনেমাত এক্সনৰ কাম কৰি হোৱা অভিজ্ঞতা সম্পৰ্কে মন্টুৱে এনেদৰে কয় খুব ভাল লাগিল।শ্বুটিঙৰ সময়চোৱা যথেষ্ট ৰোমাঞ্চকৰ আছিল।ফাইটিং কৰি দুখো পাইছো।উল্লেখযোগ্য যে সম্প্ৰতি মন্টু দেউৰী লোকেল উৎপাত নামৰ এখন চিনেমাৰ কামত গুৱাহাটীত আছে।আনহাতে তানাজী চিনেমাখন ১৭ শতিকাৰ মাৰাঠী আৰু মোগলৰ কাহিনীক লৈ নিৰ্মিত হৈছিল।লাহে লাহে বলিউডত খোপনি পুতিবলৈ সক্ষম হোৱা মন্টু দেউৰীৰ সফলতাৰ বাবে এন ই ফ’কাচ ডট কমৰ ফালৰপৰা জনালো বহু শুভকামনা। সংগীতা শইকীয়া, সম্পাদক
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন