তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন

0 188

তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ দীঘল সাঁকো ন মতাপুং পুৰণি বিহুখোলা প্ৰেক্ষাগৃহত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে বিশ্ব হলৌ দিৱস-২০২১ । বিশ্বৰ বিলুপ্তপ্ৰায় প্ৰাণী হলৌ বান্দৰ সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মাজত সজাগতা অনাৰ উদ্দেশ্যৰে বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ৰাইজে আয়োজন কৰা হৈছে বিশ্ব হলৌ দিৱস ২০২১ ৰ ৷ অইল ইণ্ডিয়া লিমিটেডৰ তত্বাৱধানত, বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতি, মৰাণ জাতীয় মহিলা পৰিষদ বাৰেকুৰি আঞ্চলিক সমিতি, গ্ৰীণ ভিজন এন-ইৰ উদ্যোগত আৰু তিনিচুকীয়া মহাবিদ্যালয়, দীঘলসাঁকো নৱজ্যোতি যুৱ সংঘ আৰু ন-মতাপুং সুৰুযজ্যোতি যুৱ সংঘৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা বিশ্ব হলৌ দিৱসৰ কাৰ্যসূচী মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং । মহোৎসৱৰ লগত সংগতি ৰাখি পুৱা আয়োজন কৰা বিভিন্ন ধৰণৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে কলা-নৃত্য প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে সমগ্ৰ বাৰেকুৰি অঞ্চল ।

Leave A Reply

Your email address will not be published.