তিনিটা বিশেষ খবৰ

0 308

অসম টেবুল টেনিচ সংস্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই ৰাজ্যখনত টেবুল টেনিচৰ প্ৰসাৰৰ বাবে তৎপৰ হৈছে মৃগাংক বৰ্মন। যোৱা ২৯ মে’ত টেবুল টেনিচ সংস্থাৰ সভাপতি পদত নিৰ্বাচিত হোৱা বৰ্মনে কালি এই ক্ৰীড়াৰ বিকাশৰ বিষয় লৈ নতুন দিল্লীত উপস্থিত হয়। আজি পুৱাই তেওঁ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি বিষয়টো সন্দৰ্ভত দীৰ্ঘসময় আলোচনাত মিলিত হয়। বৰ্মনে অসমত টেবুল টেনিচৰ প্ৰসাৰ তথা এই ক্ৰীড়া ক্ষেত্ৰৰ আন্ত:গাঁঠনি নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সহযোগিতা কামনা কৰে। মন্ত্ৰীগৰাকীৰ সৈতে তেওঁ ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি কিদৰে সংগ্ৰহ কৰিব পৰা যায় সেই বিষয়ত আলোচনা কৰে। আলোচনাকালত কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানৰ পৰা ইতিবাচক সহাঁৰি লাভ কৰা বুলি বৰ্মনে জানিবলৈ দিছে। তেওঁ টেবুল টেনিচৰ প্ৰতি যুৱক যুৱতীসকলক আকৰ্ষণ কৰাৰ বাবে শীঘ্ৰে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণৰ কথাও জানিবলৈ দিছে।

অসম প্ৰকাশন পৰিষদে হীৰক জয়ন্তী অতিক্ৰম কৰিছে। হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি আজি প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰে।প্ৰতিষ্ঠা দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সভাৰ আয়োজক অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই মন্তব্য কৰে যে সৃষ্টিশীল কামেৰে প্ৰকাশন পৰিষদে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ বদ্ধপৰিকৰ। অনুষ্ঠানত লিখক দুলাল চন্দ্ৰ গোস্বামীয়ে বহু কেইটা মূল্যবান পৰামৰ্শ আগবঢ়ায়৷ তাৰ ভিতৰত ভাষা বিষয়ক কৰ্মশালা আৰু বিখ্যাত ব্যক্তি সকলৰ জীৱনপঞ্জী সন্নিবিষ্ট কৰা আদিয়ে প্ৰধান। সভাত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিশিষ্ট লেখক দুলাল চন্দ্ৰ গোস্বামী, সুমন্ত চলিহা, প্ৰমোদ কলিতাকে আদি কৰি ভালেকেইজন লেখক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।     

নৰ্থইষ্ট ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিচৰ উদ্যোগত বিবেকানন্দ প্ৰেক্ষাগৃহত আজি এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫গৰাকী প্ৰতিভাধৰক সম্বৰ্দ্ধনা জনায়। সেই সকল হ’ল ক্রমে বিদিশা কলিতা, সংকেত আগৰৱালা, মৃগাক্ষী ডেকা, মনালিকা বৰগোহাঁই আৰু বিদিশা ইংতি। এই সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোগেদি মাত্ৰ ২-১বছৰ কষ্ট কৰিৰেই জীৱনত সফলতা লাভ কৰিব পাৰি। মই আশা কৰো তেওঁলোকে যেন সদায় নিজৰ মাতৃভূমিৰ উন্নয়নৰ প্ৰতি কাম কৰাৰ বাবে সচেষ্ট হয়। এই অনুষ্ঠানত উপস্থিত থাকি ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ লক্ষ্য কোঁৱৰে মন্তব্য কৰে যে চৰকাৰে এনে প্ৰতিভাধৰ সকলক সদায় উদগণি জনাই আহিছে। এইবাৰো দৰিদ্ৰ মেধাৱী ছাত্ৰ -ছাত্ৰী সকলক সকাহ দিয়াৰ বাবে জলপাণিৰ ব্যৱস্থা কৰিব। অনুষ্ঠানৰ লগত সংগতি ৰাখি এক আঁচনি উন্মোচন কৰি নৰ্থ ইষ্ট ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিচৰ প্ৰতিষ্ঠাতা কেশৱ চন্দ্ৰ দাসে মন্তব্য কৰে যে প্ৰতিবছৰে প্ৰায় ১লাখ স্নাতক হোৱাৰ বিপৰীতে প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বহুত কম। সেয়ে উত্তীৰ্ণৰ হাৰ বঢ়াব লাগে। এই ক্ষেত্ৰত সকলোৰে কৰণীয় আছে।

Leave A Reply

Your email address will not be published.