তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন হ’ব ১৭ডিচেম্বৰত

0 224

১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সম্পৰ্কে কামৰূপ মহানগৰ জিলা উপায়ুক্তই এক সংবাদমেল আয়োজন কৰে।কামৰূপ মহানগৰ জিলাত ৬ টা সমষ্টিত অনুষ্ঠিত হ’ব।
 
জিলাখনৰ সমষ্টি কেইটা হ’ল ২৬ নং ডিমৰীয়া সমষ্টি,৩২ নং ডিগাৰু সমষ্টি,৩৩ নং ক্ষেত্ৰী সমষ্টি, ৩৪ নং সোনাপুৰ সমষ্টি, ৩৫ নং আমপৰি সমষ্টি,৩৬ নং ফোনং এৰি সমষ্টিৰ অনুষ্ঠিত হ’ব।
 
কামৰূপ মহানগৰ জিলাত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ আছে ১০০ টা। জিলাখনত সৰ্বমুঠ ভোটাৰ ৰ সংখ্যা ৭৮১৮০ জন।পুৰুষ ভোটাৰৰ সংখ্যা ৩৮৩৬০ জন,মহিলা সংখ্যা ৩৯৮২০ জন।সোনাৰাম খেলপথাৰত ষ্ট্ৰং ৰুম হোৱাৰ লগতে ভোট গণনা অনুষ্ঠিত হ’ব।
তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে নমিনেচনৰ দিন ২৫ নৱেম্বৰ।আনহাতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হ’ব ২৮ নৱেম্বৰ তাৰিখে।ইপিনে ১৭ ডিচেম্বৰ ৰাতিপুৱা ৭ বাজি ৩০ মিনিটত সমাপ্ত হ’ব ভোট গ্ৰহণ।১৯ ডিচেম্বৰ তাৰিখে ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ অনুষ্ঠিত হ’ব ভোট গণনা।

Leave A Reply

Your email address will not be published.