তৈলচিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম সন্নিবিষ্ট কৰিলে টীয়কৰ ছাত্ৰই

0 289

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰঙীন তৈলচিত্ৰ অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছে টীয়কৰ এগৰাকী ছাত্ৰই। ছাত্ৰগৰাকীৰ নাম বিশ্বজ্যোতি শইকীয়া। ঘৰ টীয়ক বাহ্মণ গাঁৱত।
 
টীয়কৰ শিক্ষক বিজয় শইকীয়া আৰু ফুনু ফুকন শইকীয়াৰ একমাত্ৰ সন্তান বিশ্বজ্যোতিৰ এই প্ৰতিভাক স্বীকৃতি প্ৰদান কৰি ইতিমধ্যে ইমেইল প্ৰেৰণ কৰিছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচ কৰ্তৃপক্ষই।স্বাভাৱিকতে এই বাৰ্তা পাই উৎফুল্লিত হৈ পৰিছে হলিফ্লাৱাৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ বিশ্বজ্যোতিৰ লগতে সমগ্ৰ টীয়কবাসী।
 
উল্লেখযোগ্য যে সৰুৰে পৰাই চিত্ৰ শিল্পৰ প্ৰতি আকৰ্ষিত বিশ্বজ্যোতিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ভুপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, সৰ্বপল্লী ৰাধা কৃষ্ণণ,চিত্ৰ শিল্পী নীলপৱন বৰুৱা,দিপালী বৰঠাকুৰকে ধৰি বহুজন শিল্পীৰ চিত্ৰ।

Leave A Reply

Your email address will not be published.