দক্ষিণ কামৰূপ কলা সংস্কৃতি মঞ্চৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 306

দক্ষিণ কামৰূপৰ কিছু সংখ্যক কলা-সংস্কৃতি প্ৰেমী ৰাইজৰ উদ্যোগত গঠন হোৱা অন্যতম অগ্ৰণী অনুষ্ঠান দক্ষিণ কামৰূপ কলা সংস্কৃতি মঞ্চৰ যোৱা ২ অক্টোবৰত ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিন যোৰা কাৰ্যসূচীৰে সৰপাৰা মজলীয়া বিদ্যালয়ত উদযাপন কৰা হয়। এই উপলক্ষে উক্ত দিনা পুৱা মঞ্চৰ কৰ্ম কৰ্তাসকলে বিদ্যালয়ৰ চৌহদত এক সমূহীয়া চাফাই অভিযান চলায়।
 
 
ইয়াৰ পিছতে ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ কলা-সংস্কৃতি মঞ্চৰ সভাপতি ড০ গনেশ্বৰ চহৰীয়াই আৰু স্মৃতি তৰ্পন কৰে জে.এন.কলেজৰ অধ্যাপক তথা কলা-সংস্কৃতি মঞ্চৰ কাৰ্যকৰী সভাপতি ড০ প্ৰাণেশ্বৰ নাথে। দুপৰীয়া ১২ বজাত কলা সংস্কৃতিৰ মঞ্চৰ সভাপতি ড০ গণেশ্বৰ চহৰীয়া সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্টা লেখিকা তথা মঞ্চৰ সম্পাদিকা নিৰুপমা মজুমদাৰে। সভাত মঞ্চৰ পৰা পৰলোকগামী হোৱা সদস্যসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। মঞ্চৰ ছয় বছৰীয়া কাৰ্যকালৰ কাৰ্যক্ৰমণিকাৰ আ‍ঁতধৰি বক্তব্য প্ৰদান কৰে মঞ্চৰ যুটীয়া সম্পাদিকা দিপালী তালুকদাৰে।
 
অনুষ্ঠানত বিশিষ্টা লেখিকা নিৰুপমা মজুমদাৰৰ কব্য সংকলন “কভিড-১৯” আৰু “মুক্ত আকাশৰ তলত” উন্মোচন কৰে কবি-সাহিত্যিক নৰেন মজুমদাৰে। ইয়াৰ পিছতেই মঞ্চৰ সভাপতি ড০ চহৰীয়াই দক্ষিণ কামৰূপ কলা-সংস্কৃতি মঞ্চৰ এখনী মুখপাত্ৰ “আলোক যাত্ৰা” উন্মোচন কৰে। সভাত ৰোহিনী কুমাৰ, শিৱপ্ৰভাত দাস, প্ৰভাত ডেকা, অৱসৰপ্ৰাপ্ত অধ্যাপক যোগেশ কলিতাই কলা-সংস্কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰে। অনুষ্ঠানৰ মাজে মাজে শিল্পী কৃষ্ণা দাস, ফটিক ঠাকুৰীয়া, স্বপনজ্যোতি কলিতা, চিত্ৰা চৌধুৰী আদিয়ে গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় মঞ্চৰ  মুনীন্দ্ৰ দাসে।
খবৰ যুগুতালে ছয়গাঁৱৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.