দক্ষিণ পূব এছিয়া বিদ্যালয় মহোৎসৱলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দল ৰাওনা

0 287

ছত্তিশগড়ৰৰ ৰায়পুৰস্থিত পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ৰ চৌহদত সৰ্বভাৰতীয় বিশ্ববিদ্যালয়ৰ সংন্থাৰ উদ্যোগত ২৩ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৫দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া দ্বাদশ দক্ষিণ পূৱ এছিয়া বিদ্যালয় মহোৎসৱত ভাগ ল’বলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি ১৬ জনীয়া ছাত্ৰ-ছাত্ৰীৰ দল ৰাওনা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু কুলদ্বীপ পাটগিৰিৰ নেতৃত্বত যোৱা দলটোৱে মহোৎসৱত ভাৰতৰ উপৰিও দক্ষিণ পূৱ এছিয়াৰ ১০ খন ক্ৰমে–শ্ৰীলংকা, ভূটান, নেপাল, বাংলাদেশ, মালদ্বীপ, পাকিস্তান, ম্যানমাৰ আৰু মৰিদাদৰ বিশ্ববিদ্যালয়ৰ দলে ভাগ ল’ব। উল্লেখ্য যে, বিগত বৰ্ষত ৰাচী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্ত: বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় মহোৎসৱ ২০১৭-১৮ ৰাণাৰ্চ আপৰ সন্মান লাভ কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে দক্ষিণ পূৱ এছিয়া বিশ্ববিদ্যালয়ত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই দলটোক শুভেচ্ছা জ্ঞাপন কৰি বিশ্ববিদ্যালয়লৈ যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে।

Leave A Reply

Your email address will not be published.