দক্ষ এপৰ জৰিয়তে সহজতে জনসাধাৰণে সেৱা লাভ কৰিব পাৰিব

0 195

সম্প্ৰতি সময়ত আনুষ্ঠানিক শিক্ষাতকৈ স্কীল প্ৰশিক্ষণৰ প্ৰাসংগিকতা আছে কিয়নো দক্ষতা থাকিলে যিকোনো কামেই সম্ভৱ হৈ উঠে । উদাহৰণ স্বৰূপে চীনৰ এজনো মানুহ আজিলৈকে বহি থকা নাই। কাৰণ চীনত মেন পাৱাৰ প্লেনিং আছে।চীনে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ ক্ৰুটি কৰা নাই ।আৰু ভৱিষ্যতে উদ্যোগ কৃষি, পশুপালন, বাণিজ্য আদি বিভাগৰ বিশেষ ভৱিষ্যত আছে।
এই মন্তব্য উদ্যোগ, বাণিজ্য, পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। আজি আনুষ্ঠানিক ভাৱে মহানগৰীৰ দিছপুৰস্থিত ৰাজ্যিক লোকনিৰ্মান বিভাগ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত দক্ষ এপ মুকলি কৰি মন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে।উল্লেখযোগ্য যে কিউ জি এই দক্ষ এপৰ জৰিয়তে জনসাধাৰণে ঘৰতে বহি সকলো ধৰণৰ লাগতিয়াল সেৱা লাভ কৰিব পাৰিব এই কিউজি দক্ষ এপৰ লগত জড়িত হৈ আছে অসম দক্ষতা অভিযান মিছন পৰা প্ৰশিক্ষণ প্ৰাপ্ত বহু কেইগৰাকী যুৱক- যুৱতী।
আজি অনুষ্ঠানত উপস্থিত থাকি উদ্যোগ আৰু অসম দক্ষতা অভিযান মিছনৰ আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে এই এপত উদ্যমীয়তা আৰু শ্ৰমৰ সংযোগ ঘটিছে।আশা কৰা হৈছে এই এপৰ জৰিয়তে ৰাইজে এক উৎকৃষ্ট সেৱা লাভ কৰিব। আজি অনুষ্ঠানত কেইবাগৰাকী ব্যক্তিৰ মত বিনিময় হয়।লগতে ASDM অন্তৰ্গত উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক সম্বৰ্ধনা জনায়।
উল্লেখযোগ্য যে এই এপৰ জৰিয়তে ম’বাইলত এটা বুটাম টিপিয়েই লাভ কৰিব পাৰিব ঘৰুৱা যতনৰ লগতে Electician, beautician,Palumber, Mechanic আদিৰ অত্যাৱশ্যকীয় সেৱাসমূহ । Play-Store ৰ অতি সহজেই লাভ কৰিব পাৰিব “QG Daksha”নামৰ এপটো । অসম দক্ষতা অভিযানৰ জৰিয়তে অসম চৰকাৰে ইতিমধ্যেই ৰাজ্যৰ বহু নিবনুৱা যুৱক যুৱতীক এই “QG Daksha” এপ ত সেৱা আগবঢ়াব পৰাকৈ সক্ষম কৰি তুলিছে ।আজি অনুষ্ঠানত মুখ্য সচিব কে কে দ্বীবেদী লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.