দলগাঁও সমষ্টিৰ বেছিমাৰী বজাৰ উন্নয়নত নবনির্বাচিত বিধায়কৰ পদক্ষেপ

0 239

দলগাঁও সমষ্টিৰ বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে মজিবুৰ ৰহমানে মঙ্গলবাৰে সমষ্টিটোৰ অন্যতম বেছিমাৰী কৃষি বজাৰ নিৰ্মাণ আঁচনিৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সমবেত হোৱা কৃষক ৰাইজক উদ্দেশ্যি বিধায়ক মজিবুৰ ৰহমানে কয় যে সমষ্টিৰ কৃষক সকলৰ কষ্টোপাৰ্জিত কৃষি সামগ্রী কিনা বেচাৰ ক্ষেত্ৰত সকলো সুবিধা প্ৰদানৰ দায়িত্ব বিধায়কৰ। মঙলবাৰে উদ্বোধন কৰা আঁচনিৰ জৰিয়তে প্ৰয়োজন সাপেক্ষে বজাৰৰ নলা নৰ্দমা নিৰ্মাণ, বজাৰ গৃহ, বজাৰ চৌহদ নিৰ্মাণ, কৃষকৰ জিৰণি চৰা, লেট্রিন, ইউৰিনেল আদি নিৰ্মাণ কৰা হ`ব। বৰ্তমান চলি থকা ক`ৰণা অতিমাৰীৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে চৰকাৰী সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ সকলোকে বিধায়কগৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানত দৰং জিলা পৰিষদৰ সভাপতি সন্মানীয় ধীৰেন্দ্ৰ ডেকা,বিশিষ্ট ঠিকাদাৰ কুলেন হাজৰিকা আৰু বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে৷
খবৰ যুগুতালে দলগাঁৱৰ পৰা নুৰ জামাল হকে।

Leave A Reply

Your email address will not be published.