দিকৰাই চাহ বাগিচাত টুচু উৎসৱ উদযাপন

0 244

ভোগালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে চাহ জনগোষ্ঠীৰ অন্যতম কৃষি ভিত্তি উৎসৱ টুচু দুদিনীয়া কাৰ্যসূচীৰে পালন হয়। প্ৰতি বছৰৰ দৰে এইবাৰো ভোগালী বিহুৰ লগতে চাহ জনগোষ্ঠীৰ টুচু উৎসৱ দিকৰাই বাগিছাত অনুষ্ঠিত হৈ যায় । এই পবিত্ৰ উৎসৱৰ বহু পৰম্পৰাৰ আছে!কৃষিজীৱি চাহ শ্ৰমিক ৰাইজে বছৰটোৰ বাবে আৰ্জিত ধান-মাহ আঘোন মাহত চপাই , পুহ মাহটো মহিলা সকলে নিজৰ আৰাধ্য দেৱতাক উপাসনা কৰি মাঘ মাহত পুনৰ উদ্যমেৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰাৰ লগতে চাহ জনগোষ্ঠীৰ নাৰী কেন্দ্ৰিক এক পৰম্পৰাগত উৎসৱ হিচাপেও টুচু উৎসৱ পালন কৰা হয় । গাঁওখনৰ যুৱক-যুৱতীয়ে ৰাইজৰ সহযোগত আটক ধূনীয়াকৈ সজাই তোলা মণ্ডপত ‘টুচু’ দেবীক গধুলি বেলাতে প্ৰতিষ্ঠা কৰে আৰু ওৰে নিশা টুচুক কেন্দ্ৰ কৰি ৰচিত বিভিন্ন গীত-মাতেৰে মুখৰিত কৰে। পিচদিনা অৰ্থাৎ টুচু পুজাৰ অন্তিম দিনা গাৱৰ ৰাইজ একেলগে নাচ গান কৰি বিয়লি টুচু দেৱীক নৈত বিসৰ্জন দিয়া হয় । বাগিচাখত আয়োজিত ‘টুচু পুজাৰ লগত সংগতি ৰাখি আদৰণি সমিতিয়ে অঞ্চলৰ বিশিষ্ট লোকক সম্বৰ্দ্ধনা জনোৱা হয়। উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানত নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তি,বিশ্বনাথ জিলা আটছাৰ শিক্ষাও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ আৰু চতিয়া আঞ্চলিক পঞ্চায়ত সভাপতি লক্ষীকান্ত বৰা, উত্তৰ নদুৱাৰ উড়িয়া যুৱ পৰিষদৰ সম্পাদক আনন্দ তচা, উত্তৰ নাগশংকৰ গাঁও পঞ্চায়ত সভানেত্ৰী দীপা তাঁ‌তী,দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়ত সভানেত্ৰী পাৰ্ৱতী শৰ্মা,বিশিষ্ট সাংবাদিক দূৰ্গা পৌড়েলসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.