দিহিং পাটকাই সংৰক্ষণৰ সম্পৰ্কত ৱেবিনাৰ অনুষ্ঠিত

0 233

দিহিং পাটকাই অভয়াৰণ্যক সুৰক্ষা দিয়াৰ কাৰণে গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। শেহতীয়াকৈ ৰাজ্য চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰিছে।
 
 
 
 
বৰ্তমান দিহিং পাটকাই অভয়াৰণ্যৰ মাটিকালি ১১১. ১৯ বৰ্গ কিলোমিটাৰ। ইতিমধ্যে অভয়াৰণ্যখনৰ বনজ সম্পদৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৫০০ বৰ্গ কিলোমিটাৰ অঞ্চললৈ দিহিং পাটকাই অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ দাবীত প্ৰকৃতিপ্ৰেমীয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
 
 
 
দিহিং পাটকাই অভয়াৰণ্যৰ পৰিসৰ ৫০০ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধিৰ দাবীৰে ‘নেচাৰ্ছ বেকনে’ ১২ জুলাইৰ পৰা ১৬ জুলাইলৈ ধাৰাবাহিকভাৱে চ’চিয়েল মিডিয়াত এক জনজাগৰণৰ  কাৰ্যসূচী গ্ৰহণ কৰিছে।
 
 
 
এই আন্দোলনৰ সমৰ্থনত অনুৰাধা শৰ্মা পূজাৰীয়ে এক ভিডিঅ’ বাৰ্তা ৰাইজলৈ আগবঢ়াইছে। বিশিষ্ট চিত্ৰশিল্পী দাদুল চলিহাই শিল্পকৰ্মযোগে ‘দিহিং পাটকাই অভয়াৰণ্য’ৰ পৰিসৰ বৃদ্ধিৰ দাবী জনাইছে।
 
 
অলপতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং পাটকাই অভয়াৰণ্যৰ সংৰক্ষণৰ বাবে আনুষ্ঠানিকভাৱে আগ্ৰহ প্ৰকাশ কৰিছে। দিহিং পাটকাই অভয়াৰণ্যৰ দাঁতি কাষৰীয়া গাঁওবোৰত, দিহিং পাটকাই অভয়াৰণ্যৰ অঞ্চল বৃদ্ধিৰ দাবীত আৰু জয়পুৰ বৰ্ষাৰণ্যক দিহিং পাটকাই অভয়াৰণ্যত অন্তৰ্ভুক্ত কৰাৰ দাবীত নেচাৰ্ছ বেকনৰ নেতৃত্বত ব্যাপক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হয়।
 
 
বৰ্ষাৰণ্য তথা দিহিং পাটকাই অভয়াৰণ্য সম্পৰ্কে শিক্ষামূলক জাগৰণৰ বাবে ১২ আৰু ১৩ জুলাইত নেচাৰ্ছ বেকনে এখন ৱেবিনাৰৰ আয়োজন কৰে। ১২ জুলাইৰ ৱেবিনাৰত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে জয়ন্ত ভূঞা, পংকজ কুমাৰ দত্ত, জয়দীপ শীল, কংকনা দাস আৰু নৱনীতা শৰ্মা। দ্বিতীয়খন ৱেবিনাৰৰ সমল ব্যক্তিসকল হ’ল ড০পৰমানন্দ মহন্ত, ড০প্ৰবাল শইকীয়া, ড০ জ্যোতিৰ্নয় প্ৰধানী, নৱ ঠাকুৰীয়া, ড০ জগদীন্দ্ৰ ৰায়চৌধুৰী, ভাস্কৰজ্যোতি বৰুৱা আৰু ৰণ দুৱৰা।

Leave A Reply

Your email address will not be published.