দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত কাৰ্গিল যুদ্ধৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ পিতৃ – মাতৃক সম্বৰ্ধনা ৰাজ্যপালৰ

0 239

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক পূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ৩১ অক্টোবৰত গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰকত ৰাজ্য সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে ১৮ জন বীৰ যোদ্ধাক সম্বৰ্ধনা জনায় । অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ পিতৃ আৰু মাতৃকো ৰাজ্যপালে সম্বৰ্ধনা জনায় । তেনেদৰে অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে ১৯৭১ ৰ যুদ্ধৰ সৈনিক সকলৰ লগতে জন্মদিনত স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । অনুষ্ঠানত লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) প্ৰণৱ কুমাৰ ভৰালী , ব্ৰিগেদিয়াৰ ৰঞ্জিত কুমাৰ বৰঠাকুৰ আৰু এ কে পাইত (অৱসৰপ্ৰাপ্ত), ৰাজ্য সৈনিক কল্যাণ সঞ্চালক ব্ৰিগেদিয়াৰ (অৱসৰপ্ৰাপ্ত) এন ডি যোশীকে ধৰি কেবাজনো প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোক, শ্বহীদ সৈনিকৰ পৰিয়াল আৰু অভিভাৱক, বহু বিশিষ্ট লোক উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.