দীপৰ বিলৰ পৰিবেশ সংৰক্ষণৰে পৰ্যটনৰ সম্ভাৱনা – দ্বৈত ৰেলপথ নিৰ্মাণৰ ভয়াবহতা আৰু পামহী কেনেলৰে দূষিত পানী পেলোৱা কার্য বন্ধ কৰা বিষয়ত চকৰদৌত সন্ধিয়া জুহালত অন্তৰংগ আলাপ

0 279

বিশ্বৰ অন্যতম প্ৰাকৃতিক জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলক ৰক্ষা কৰিবলৈ দীপৰ বিলৰ গাতে লাগি থকা অঞ্চল হিচাপে আমি চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহে সদায় কাম কৰি আহিছো আৰু কৰি যাম । কিন্তু ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ( এন জি টি ) নিৰ্দেশনা উলংঘা কৰি গুৱাহাটী পৌৰ নিগমে দীপৰ বিলক প্ৰদূষিত কৰাৰ বাবে তলা বন্ধ কৰি দিয়া প্ৰায় ১৭ বছৰীয়া ডাম্পিং গ্ৰাউণ্ডৰ পৰা মাত্ৰ ডেৰ কিঃমিঃ নিলগৰ পৰিবেশ সংবেদনশীল অঞ্চলৰ অন্তৰ্গত পশ্চিম বৰাগাওঁৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা , এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত দীপৰ বিলৰ দাঁতিয়েদি থকা পূৰ্বৰ ৰেল লাইনৰ ওচৰৰে বিদ্যুৎ পৰিবাহী দ্বৈত ৰেলপথ নিৰ্মাণ কৰাৰ বাবে ৰেলৱে কৰ্তৃপক্ষই যি কাম আৰম্ভ কৰিছে আমি তাৰ তীব্ৰ বিৰোধীতা কৰিছো আৰু কৰি যাম । এই মন্তব্য দীপৰ বিলৰ সংৰক্ষণ , সংবৰ্ধন আৰু বিলখনক পৰ্যটনৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সম্পাদক , পৰিবেশ কর্মী প্ৰমোদ কলিতাৰ । ৫ জানুৱাৰীৰ দিনা সন্ধিয়া দীপৰ বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰাৰ বিশিষ্ট সমাজকর্মী উমেশ কলিতাৰ চোতালৰ জুহালত সাংবাদিকৰে সৈতে হোৱা ” দীপৰ বিলৰ সংৰক্ষণ আৰু পৰ্যটনৰ সম্ভাৱনা ” বিষয়ক এক অন্তৰংগ আলাপত ভাগ লৈ এই মন্তব্য কৰে প্ৰমোদ কলিতাই । ৰংমন ট্যুৰিজিম চছাইটিৰ কৰ্মকর্তা বিৰাজ কলিতাই (পবন ) আঁত ধৰা আলাপত প্ৰমোদ কলিতাই কয় আমি দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ ৰাখি পৰ্যটনৰ সম্ভাৱনীয়তা সমূহক বিকশিত কৰি তাক বিজ্ঞান সন্মতভাৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰে জীৱন জীৱিকাৰ থলীলৈ গঢ় দিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো । শেহতীয়াভাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত দীপৰ বিলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত চাৰি কৌটি টকাৰ অনুমোদন দিয়া বুলি অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাই কিছুদিন আগতে ঘোষণা কৰিছে । আমি সেই ঘোষণাক আদৰণি জনাইছোঁ আৰু ঘোষণা অনুসৰি কামখিনী যাতে শীঘ্ৰে আৰম্ভ হয় তাৰ কামনা কৰিছো । কিন্ত ইয়াৰ মাজতে দীপৰ বিলৰ দাঁতিয়েদি দ্বৈত ৰেলপথ নিৰ্মাণ কৰা , পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ বিলত অহৰহ পেলাই থকা আৰু বিগত আগষ্ট মাহৰ পৰা বিলৰ পৰা কিছু নিলগৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি দূষিত গেলাপঁচা জাৱৰ , আৱৰ্জনা পেলাই অহা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি প্ৰমোদ কলিতাই সদৰি কৰে । আলাপত চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ এজন কৰ্মকর্তা উমেশ কলিতাই চমু ভাষণত কলিতাপাৰাৰ সমীপত ৰেলপথত দুদিনমান পূৰ্বে পুৱতি নিশা বনকর্মী আৰু ৰেল চালকৰ সতৰ্কতাৰ বাবে দুটা পোৱালিসহ ছয়টাকৈ বনৰীয়া হাতী ৰেলৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰাৰ উদাহৰণ হিচাপে ধৰি দ্বৈত ৰেলপথ হলে কি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হব তাক ব্যক্ত কৰে । আনহাতে আলাপত স্থানীয় মহিলা নেত্ৰী মনীষা কলিতা আৰু অনামিকা দাস কলিতা , দীপৰ বিলৰ উত্তৰ দিশৰ খানামুখ হাওৰাপাৰৰ পৰিবেশ কর্মী দিলীপ কলিতা ( চক্ৰ ) , চকৰদৌৰ যুৱ সমাজকর্মী প্ৰাঞ্জল কলিতা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.