দুগৰাকী বিশিষ্ট ব্যক্তিলৈ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা

0 248

বিশ্বত ২০১৯ আৰু চলিত ২০২০ বৰ্ষৰ বাবে অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা আজি ঘোষণা কৰা হয়।পৰিষদৰ কাৰ্যালয়ত থকা সভাগৃহত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাই উল্লেখিত বৰ্ষ দুটাৰ বাবে এই বঁটা ৰাজ্য খনৰ বিশিষ্ট গৱেষক,সাহিত্যিক সংস্কৃতি ভাষা পণ্ডিত ড° থানেশ্বৰ শৰ্মা আৰু বিশিষ্ট সাহিত্যিক ভাষাতত্ববিদ,অভিধান প্ৰণেতা আৰু বৈয়াকৰণিক ড° ৰামেশ্বৰ পাঠকলৈ আগবঢ়োৱা হ’ব বুলি সদৰী কৰে।সেই অনুসৰি অসম প্ৰকাশন পৰিষদৰ এই বঁটা ২০১৯ বৰ্ষৰ বাবে ড° থানেশ্বৰ শৰ্মা আৰু ২০২০ বৰ্ষৰ বাবে ড° ৰমেশ পাঠকক প্ৰদান কৰা হ’ব।অহা ৩০ ডিচেম্বৰত অসম প্ৰকাশন পৰিষদৰ ৩৩ তম গুৱাহাটীৰ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে এই বঁটা প্ৰদান কৰা হ’ব।
নলবাৰী জিলাৰ সৰু নামখলাত ১৯৪৪ চনৰ ১ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা ড° থানেশ্বৰ শৰ্মাই প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতন পৰ্যায়লৈ সুখ্যাতিৰে শিক্ষাজীৱন সামৰি দীৰ্ঘকাল পবিত্ৰ শিক্ষকতাৰ বৃত্তিত জড়িত হৈ পৰে।উল্লেখযোগ্য যে ৯১ খন অসমীয়া দুখন ইংৰাজীসহ ৯৩ খন গ্ৰন্থৰে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য ভঁৰাল চহকী কৰা শৰ্মাই সংস্কৃত,বৈদিক আৰু লৌকিক সাহিত্যৰ চর্চাৰে অবিতকিৰ্ত পণ্ডিত্যৰ পৰিচয় দাঙি ধৰিছে।ইপিনে ২০২০ বৰ্ষৰ বাবে অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰা ড° ৰমেশ পাঠক অসম তথা ভাৰতবৰ্ষৰে ভাষাতত্ব আৰু বৈয়াকৰণিক ক্ষেত্ৰখনত এটি সুপৰিচিত নাম।১৯৪২ চনৰ মে মাহত নলবাৰী জিলাৰ টিহুত জন্মগ্ৰহণ কৰা ৰমেশ পাঠক ছাত্ৰ জীৱনৰ পৰাই মেধা পৰিচয় দিছে।ব্যায়াকৰণৰ নিখুঁত প্ৰয়োগেৰে অসমীয়া ভাষাক বিশুদ্ধ ৰূপত সমৃদ্ধ কৰা বাবে আহোপুৰুষাৰ্থ কৰা ড° পাঠকে প্ৰণয়ন কৰা সামগ্ৰিক অসমীয়া শব্দকোষে অসমীয়া ভাষাৰ প্ৰায়োগিক দিশত এখন গুৰুত্বপূৰ্ণ অভিধান।ইয়াৰ ওপৰিও তেখেতে ভাষা বিজ্ঞান ভূমিকা, অসমীয়া ভাষা ইতিহাস, ব্যাকৰণ আৰু প্ৰকৃতি বিজ্ঞান,পুৰণি অসমীয়া ভাষাৰ ৰূপৰুত্ব,উপ ভাষা বিজ্ঞান আৰু অসমীয়া ভাষা,ভাৰতৰ পূৰ্বাঞ্চলত অসমীয়া ভাষা গুৰুত্ব,অসমীয়া ভাষা চৰ্চাকাৰীসকলৰ হাতপুথি,অসমীয়া ভাষাৰ সংৰক্ষণ,সংবৰ্ধন আৰু সম্প্ৰচাৰ ইত্যাদি বিভিন্ন গ্ৰন্থ সমূহে অসমীয়া ভাষা সাহিত্যত জেউতি চৰাইয়ে।উল্লেখযোগ্য যে তেখেতে বহুতো সৃষ্টিশীল গ্ৰন্থ পাঠকক উপহাৰ দিছে। তদুপৰি তেখেতে ভাষা তাত্ত্বিক গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষাক বিশুদ্ধ ৰূপ দিয়া উপৰিও আধুনিক অসমীয়া ভাষা প্ৰয়োগ কৰি বহু চিন্তাগধুৰ নিবব্ধৰে ড° পাঠকে ভাষা সাহিত্য ঐশ্বৰ্যশালী কৰিছে।

Leave A Reply

Your email address will not be published.