দুজন সাংবাদিকলৈ ৰীচ্চৰ ফেলোশ্বিপ

0 268

দৈনিক অসমৰ সাংবাদিক ভৱেশ মেধি আৰু নৰ্থ ইষ্ট নিউজ নাওৰ সাংবাদিক মহেশ ডেকালৈ ২০১৯-২০ বৰ্ষৰ ৰীচ্চৰ (Reach) যক্ষ্মা ৰোগ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানজনক মিডিয়া ফেলোশ্বিপ আগবঢ়োৱা হৈছে। সমগ্ৰ দেশৰ পৰা লাভ কৰা আবেদনৰ ভিত্তিতে ১২জন সাংবাদিকক এই ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰা হৈছে। অহা ১০ আৰু ১১ জুলাইত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰীচ্চৰ ফেলোশ্বিপ সম্পৰ্কীয় কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিব। সাংবাদিক মেধিয়ে অসমৰ গাঁও আৰু নগৰাঞ্চলৰ শিক্ষিত লোকসকলৰ মাজত বিশেষকৈ চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ মাজত যক্ষ্মা সম্পৰ্কে থকা সংশয় আৰু ভ্ৰান্ত ধাৰণা সম্পৰ্কে অধ্যয়ন কৰিব ।আনহাতে মহেশ ডেকাই যক্ষ্মা ৰোগৰ আৰ্থিক খৰছ বিষয়ত অধ্যয়ন কৰিব।

Leave A Reply

Your email address will not be published.