দুদিনীয়া কৰ্মসূচীৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম সচিব তৰুণ কাপুৰৰ এন আৰ এল ভ্ৰমণ

0 284

পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ সচিব আই এ এছ তৰুণ কাপুৱে এন আৰ এলৰ ৰিফাইনেৰী বিস্তাৰ প্ৰকল্প আৰু বায়ো ৰিফাইনেৰী প্ৰকল্প সম্বন্ধিতে মুখ্য প্ৰকল্প সমূহৰ প্ৰগতিৰ সমীক্ষা কৰাৰ উদ্দেশ্যে দুদিনীয়া কৰ্মসূচীৰে নুমলীগড় ৰিফাইনেৰী ভ্ৰমণ কৰে।এই ভ্ৰমণৰ সময়ত চোৱাত শ্ৰী কাপুৰে কাম সমূহ নিৰীক্ষণ-পৰ্যবেক্ষণ কৰাৰ আগতে ৰিফাইনেৰী বিস্তাৰ প্ৰকল্পৰ মুখ্য দ্বাৰ প্ৰগতি দ্বাৰৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।তেওঁৰ লগতে এন আৰ এলৰ চেয়াৰমেন এছ চি মিশ্ৰ , এন আৰ এলৰ পৰিচালন এম ডি সঞ্চালক এছ কে বৰুৱা,কাৰিকৰী সঞ্চালক বি জে ফুকন,বিত্ত সঞ্চালক আই মিত্ৰ আৰু কোম্পানীৰ অন্য জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।
আনহাতে, পেট্ৰলিয়াম মন্ত্ৰালয়ৰ সচিব কাপুৰে এন আৰ এলৰ পৰিচালন সঞ্চালক বৰুৱাৰ লগত ধনশিৰি মুখলৈও যায় আৰু ধনশিৰি নদীৰ নলা আৰু ইয়াৰ জল পৰিবহন সুবিধাৰ সন্দৰ্ভত বুজ ল’বলৈ নদীত প্ৰায় এক ঘণ্টা নৌকাৰে পৰিভ্ৰমণ কৰে।উল্লেখ্য এন আৰ এলে কোম্পানীৰ বিস্তাৰ প্ৰকল্পৰ অধিক ওজন আৰু আকাৰত ডাঙৰ সামগ্ৰী সমূহ পৰিবহনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে।সচিব গৰাকীয়ে ৰিফাইনেৰী মুখ্য নিয়ন্ত্ৰণ কক্ষটোও নিৰীক্ষণ কৰে আৰু তেওঁ নিয়ন্ত্ৰণ কক্ষত ৰিফাইনেৰী পৰিচালনাৰ সম্বন্ধে বুজ লয়।ইয়াৰ পিছত সচিব গৰাকীয়ে দেশৰ ভিতৰতে পেৰাফিন বে’ক্স উৎপাদন কৰা সকলোতকৈ ডাঙৰ ইউনিট এন আৰ এলৰ বে’ক্স প্লাণ্টটোৰ বে’ক্স ফ্ৰেবিং ইউনিটটোলৈ যায়।তেওঁ বায়ো ৰিফাইনেৰী প্ৰকল্প স্থলীৰো নিৰীক্ষণ কৰে আৰু বায়ো ৰিফাইনেৰী প্ৰকল্পৰ প্ৰগতিৰ বুজ লয়। তেওঁক নিৰ্মাণ স্থলীত লাইভ ড্ৰোণ ফীডৰ জৰিয়তে বায়ো ৰিফাইনেৰী বিস্তৃত প্ৰগতিৰ বিষয়ে অৱগত কৰে।১৭০০ তকৈ অধিক প্ৰকল্প কৰ্মকর্তাই বৰ্তমানও কঠোৰ ভাৱে ক’ভিড প্ৰট’কল মানি এন আৰ এল আৰু বি আৰ পি এলৰ বিভিন্ন নিৰ্মাণ স্থলীত কাম কৰি আছে।
ইয়াৰ পিছত সচিব গৰাকীয়ে এন আৰ এলৰ জ্যেষ্ঠ বিষয়া সকলৰ লগত বিভিন্ন বিষয়ত আলোচনা কৰে আৰু এন আৰ এলৰ কৰ্পোৰেট ফিল্মৰ শুভাৰম্ভ কৰে।ৰণনীতি পদক্ষেপ মাধ্যমেৰে কোম্পানীটোৰ ভৱিষ্যত দৃষ্টিভংগী ওপৰত এক সংক্ষিপ্ত প্ৰস্তুতি প্ৰদান কৰা হয়।সচিব গৰাকীয়ে মুখ্য প্ৰকল্প সমূহৰ প্ৰগতিৰ ওপৰত সন্তোষ প্ৰকাশ কৰে আৰু প্ৰকল্প সমূহৰ বিনা বাধাৰে সম্পূৰ্ন কৰাৰ সন্দৰ্ভত তেওঁৰ সম্পূৰ্ণ সহযোগ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে।ভাৰত চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ সচিব গৰাকী নুমলীগড়লৈ যোৱাৰ আগতে ২১ জুনত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া সকলৰ লগত এখন বৈঠকত মিলিত হয়।এই বৈঠকত অসমত তেল আৰু গেছ উদ্যোগৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। তেওঁৰ লগত এন আৰ এলৰ এম ডি এছ কে বৰুৱা,অইলৰ সঞ্চালক পি কে গোস্বামী আৰু আই অ’ চি এল,অ’ এন জি চি আৰু আই জি জি এল সম্বন্ধিতে তেল কোম্পানী সমূহৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.