দুৰ্ঘটনাত আহত লোকক তৎকালীন চিকিৎসা প্ৰদানৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ পথ সুৰক্ষা মিত্ৰৰ প্ৰশিক্ষণ কাৰ্যসূচী

0 275

দেশৰ আন ৰাজ্যৰ লগতে অসমতো পথ দুৰ্ঘটনাত আহত বহু লোক উপযুক্ত চিকিৎসা পোৱা বা চিকিৎসালয় গৈ পোৱাৰ পূৰ্বে মৃত্যুৰ মুখত পৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰানালয়েও দুৰ্ঘটনাত আহত বহু লোক প্ৰাথমিক চিকিৎসাৰ অভাৱত বা সময় মতে উপযুক্ত চিকিৎসা নোপোৱা বাবে মৃত্যুমুখত পৰে বুলি সমীক্ষা দাঙি ধৰিছে । যাৰ বাবে দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা নুন্যতম কৰাৰ বাবে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়েও ৰাজ্য চৰকাৰ সমূহক বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ অংশহিচাপে অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা নুন্যতম কৰাৰ বাবে ” পথ সুৰক্ষা মিত্ৰ ” নামৰ এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সকলো জিলা পৰিবহন বিষয়াক শেহতীয়াভাবে নিৰ্দেশ দিছে।
এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নিৰ্বাচিত স্বেচ্ছাসেৱকক লৈ পথ সুৰক্ষা মিত্ৰ গঠন কৰি তেনে মিত্ৰক উপযুক্ত প্ৰশিক্ষণ প্ৰদানেৰে দুর্ঘটনাত আহত লোকক তৎকালীনভাবে প্ৰাথমিক চিকিৎসা প্ৰদানৰে সুস্থ কৰি উন্নত চিকিৎসাৰ বাবে নিকটবৰ্তী উপযুক্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা । যাতে আক্ৰান্ত বা ভুক্তভোগী লোকজনৰ জীৱন ৰক্ষা কৰিব পাৰি । আনহাতে পৰিবহন মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি ৬ জানুৱাৰীত গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত “পথ সুৰক্ষা মিত্ৰৰ স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত , প্ৰথম এন ডি আৰ এফ বেটেলিয়ান , জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ( ডি ডি এম এ ) আৰু কামৰূপ মহানগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচিত স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয় । কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাসৰ পৰিচালনাত অনুষ্ঠিত কাৰ্যসূচীত প্ৰথম এন ডি আৰ এফৰ পৰিদৰ্শক বাণীকান্ত টাইডৰ নেতৃত্বত অহা ৬ জনীয়া দলটোৱে স্বেচ্ছাসেৱক সকলক দুর্ঘটনা সংঘটিত হোৱাৰ পাছত আঁহত লোকজনক আঘাতৰ প্ৰকাৰ অনুসৰি কেনেধৰণৰ প্ৰাথমিক চিকিৎসা প্ৰদানৰে এম্বুলেন্স আহি পোৱাৰ সময়লৈকে কিছু সুস্থ কৰি তৎক্ষণাত ওচৰৰ চিকিৎসালয়লৈ নি মৃত্যুমুখৰ পৰা যথাসম্ভৱ ৰক্ষা কৰিব পাৰি তাৰ প্ৰশিক্ষণ প্ৰদান কৰে। কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহন প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম , যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়া মিনাক্ষী মহন্ত , কামৰূপ মহানগৰ ডি ডি এম এৰ প্ৰকল্প বিষয়া কৌস্তব তালুকদাৰ , দিছপুৰ উদয়াচল হাইস্কুলৰ শিক্ষক হিতেশ চন্দ্ৰ শৰ্মা , কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ কেবাজনো মটৰ পৰিদৰ্শক আৰু প্ৰৱৰ্তক পৰিদৰ্শক উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.