দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে সুখবৰ

0 274

দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ভাৰতীয় ষ্টেট বেংকে।দেশত ক’ৰণা অব্যাহত থকাৰ সময়তে দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে দ্বিতীয়টো বৃহৎ ঘোষণা কৰি এছ বি আইয়ে জনাইছে যে তেওঁলোকে ফিক্স ডিপ’জিট স্কীমৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে।
প্ৰতিষ্ঠানটোৰ মতে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ পৰা আগন্তুক অৰ্থাৎ ২০২১ বর্ষৰ ৩১ ডিচেম্বৰলৈ এই ম্যাদ বৃদ্ধি কৰা হৈছে।উল্লেখযোগ্য যে প্ৰথমে বিত্তীয় প্ৰতিষ্ঠানটোৱে চলিত বৰ্ষৰ মে মাহত অৰ্থাৎ লকডাউনৰ সময়তে দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এই বিশেষ সুবিধা অৰ্থাৎ উইকেয়াৰ চিটিজেন টাৰ্ম স্কীম ঘোষণা কৰিছিল।

Leave A Reply

Your email address will not be published.