দৌল যাত্ৰা মহোৎসৱৰ কাৰ্য্যসূচী উন্মোচন

0 218

ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰণ কৰে। বসন্ত কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম।
জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল। সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা, ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়।
এই বছৰো ৮ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে। ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে ১০ খন উপ সমিতি গঠন কৰা হৈছে।
২৬ ফেব্ৰুৱাৰীত বটদ্ৰৱা থানৰ পুথিভঁৰাল প্ৰাংগনত অনুষ্ঠিত হোৱা এক সংবাদমেলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, উপসভাপতি শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত, কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাকে প্ৰমুখ্য কৰি পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসবৰ কাৰ্যসূচী ভাগ পৰম্পৰাগত পদ্ধতিৰে উন্মোচন কৰা হয়।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.