দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল নাহিদ আফ্ৰিন

0 238

সদ্যঘোষিত চিবিএছচিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে। সংগীতৰ সমান্তৰালভাৱে অধ্যয়নৰ ক্ষেত্ৰখনত নিজস্ব প্ৰতিভাৰে উজ্জ্বলি উঠিছে নাহিদ আফ্ৰিন।
 
 
 
কণ্ঠৰ যাদুৰে সমগ্ৰ দেশবাসীকে মোহাচ্ছন্ন কৰাৰ লগতে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নাহিদে নাৰেংগী আৰ্মী পাব্লিক স্কুলৰ পৰা বিজ্ঞান শাখাত অৱতীৰ্ণ হৈ ৯৬.৪শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
 
 
স্মৰ্তব্য যে নাহিদে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৯১.৫% নম্বৰৰে উত্তীৰ্ণ হৈছিল। আগন্তুক সময়ত সংগীত সাধনা কৰাৰ লগতে নাহিদে ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হ’ব বিচাৰে। নাহিদৰ এই সফলতাৰ বাবে বিভিন্ন প্ৰান্তৰ সংগীত শিল্পী সকলৰ লগতে ৰাজ্যৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জনাইছে।

Leave A Reply

Your email address will not be published.