মহানগৰীৰ ধাৰাপুৰ টাইকোৱানডো অকাডেমীয়ে বৰপেটা জিলাত যোৱা ১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ হৈ মৃদুস্মিতা কলিতাই সোণৰ পদক , দ্বীপ কলিতাই ৰূপৰ পদক , গৌতম দাসে ৰূপৰ পদক , বাৰ্বি কলিতাই ব্ৰঞ্জৰ পদক , কৌস্তুভ প্ৰতিম ঠাকুৰীয়াই ব্ৰঞ্জৰ পদক , ৰিম্পী দাসে ব্ৰঞ্জ পদক আৰু ৰিংকু কলিতাই ব্ৰঞ্জৰ পদক লাভ কৰাৰ উপৰিও প্রতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো একাডেমীয়ে শ্রেষ্ঠ দল হিচাপে বিবেচিত হয় । বৰপেটাৰ পৰা উভতি অহাৰ পিছত আজি ধাৰাপুৰ স্কুল খেলপথাৰত ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস আৰু ধাৰাপুৰ তালুকে আদৰণি জনায় । প্ৰতিযোগী সকলৰ সাফল্যত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ নাগৰিকে সন্তোষ প্ৰকাশ কৰিছে।
Trending
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন
- ঢকুৱাখনা গাৰ্লছ হাইস্কুলত ১৯৭৯ বর্ষৰ শিক্ষাৰ্থীৰ সন্মিলন
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব