ধুবুৰীৰ চাপৰত জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন -ধুবুৰীবাসীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দৰ কৃতজ্ঞতা

0 292

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি এদিনীয়া কাৰ্য্যসূচীলৈ ধুবুৰীৰ চাপৰত উপস্থিত হয়।হেলিকপ্টাৰ যোগে পোনে পোনে চাপৰত উপস্থিত হৈয়ে ৰত্নপীঠ মহাবিদ্যালয়ত প্ৰবেশ কৰে। ইয়াৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎচন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কৰি জননেতাজনৰ জীৱনাদৰ্শনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰি ভাষণ প্ৰদান কৰে।
 
 
তাৰোপৰি জননেতা জনৰ মানস কন্যা স্বৰূপ মহাবিদ্যালয়ৰ প্ৰাংগনত কেৱল প্ৰতিমূৰ্ত্তি স্থাপন কৰিয়ে দায়িত্ব সামৰিলে নহ’ব, তেখেতৰ অধ্যয়নৰ স্পৃহা,সামাজিক দায়বদ্ধতা, কৰ্মদক্ষতাকো আকোৱালি লৈ আগবাঢ়ি যাবলৈ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ, ছাত্ৰ সকলক আহ্বান জনায়।তেতিয়াহে মহাবিদ্যালয়খন জাকত জিলিকা হ’ব। ইয়াৰ পিছতে শৰৎচন্দ্ৰ সিংহ সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰি চৈবাৰী চাবাগিছাত নিৰ্মান কৰা ষ্টেডিয়ামত উপস্থিত হয়। মহান নেতা বীৰছা মুন্ডাৰ স্মৃতিত নিৰ্মিত আটকধুনীয়া ষ্টেডিয়ামখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰি উপস্থিত ৰাইজক সম্বোধন কৰি চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আচঁনি সন্দৰ্ভত আলোকপাত কৰে।
 
 
মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ কাৰ্যসূচীত সংগ দিয়ে বিধায়কক্ৰমে বিলাসীপাৰা পূব সমষ্টিৰ অশোক কুমাৰ সিংহী,গোলকগঞ্জৰ অশ্বিনী ৰায় সৰকাৰ, সংখ্যালঘু উন্নয়ন কোষৰ অধ্যক্ষ চৈয়দ মমিনুল আওৱাল, পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ প্ৰদান বৰুৱা।
খবৰ যুগুতালে বিলাসীপাৰাৰ পৰা অমৃত চৌধুৰী..

Leave A Reply

Your email address will not be published.