ধুবুৰী জিলা উপ আৰক্ষী অধীক্ষকে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে ৪০ হাজাৰ টকা.. কিন্তু কিয়

0 247

মৰম লগা কন্যাৰ জন্মদিনত উপস্থিত থাকিব নোৱাৰি অসম চৰকাৰলৈ নিজৰ গাঁথিৰ ধনৰ পৰা ৪০,০০০ টকা প্ৰদান ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই।
 
 
২ এপ্ৰিল ছোৱালীৰ চতুৰ্থ জন্মদিন । কিন্তু কি কৰিব এইবাৰ এনে এক সংকটৰ সময়ত মনত বহুত দুখ ৰাখিও নিজৰ ছোৱালীৰ জন্মদিনতো উপস্থিত থাকিব নাপাই নিজৰ দায়িত্ব সুচাৰুভাৱে পালন কৰি আছে ধুবুৰী জিলাৰ উপ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই । নিজৰ বোৱাৰী ,কন্যা সন্তানক তেজপুৰৰ ঘৰত থৈ ধুবুৰীত দুবছৰ ধৰি কৰ্মৰত ভূঞাৰ কৰ্মৰাজিয়ে ধুবুৰীৰ বাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে । আচলতে নিজৰ কন্যা সন্তানৰ জন্মদিনত উপস্থিত নথকাৰ বেদনা কেনেকুৱা সেয়া এক পিতৃয়ে হয়তো ভালকৈ বুজি পাব । কিন্তু তাৰে মাজতে এনে এক মহামাৰীৰ সময়ত চাৰিওফালে লকডাউনতো নিজৰ কৰ্তব্যত নিয়োজিত হৈ আছে ভূঞাই । সেয়ে নিজৰ ছোৱালীৰ জন্মদিন উপলক্ষে ধুবুৰীৰ পৰাই মৰম আৰু শুভেচ্ছা আৰু আশীৰ্বাদ জনাই অসম চৰকাৰৰ আৰোগ্য নিধি লৈ নিজ গাঁথি ধনৰ চল্লিছ হাজাৰ টকা প্ৰদান কৰে । ত্ৰিনয়ন ভূঞাৰ এই মহানুৱতাই ধুবুৰীবাসীলৈ গৌৰৱ কঢ়িয়াই আনে।
খবৰ যুগুতালে ধুবুৰীৰ পৰা দীপ মহন্তই..

Leave A Reply

Your email address will not be published.