ধেমাজিৰ সবিশেষ তুলি ধৰিলে জুইশলাৰ বাকচতে

0 296

এখন জিলাৰ সমূহ তথ্য সম্বলিত এখন গ্ৰন্থ ।গ্ৰন্থখনৰ নাম পলকতে ধেমাজি ।গ্ৰন্থখনে সংবাদ শীৰ্ষ দখল কৰিছে।ইয়াৰ অন্যতম কাৰণ হ’ল গ্ৰন্থখনৰ আকৰ্ষণীয় আকাৰ।গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে একোটা জুইশলাৰ বাকচত।ভুৰুকাত হাতী ভৰোৱাৰ দৰে গ্ৰন্থখনত ধেমাজিৰ সম্পৰ্কে সকলো তথ্য সন্নিৱিষ্ট আছে।শিক্ষয়ত্ৰী প্ৰণতি দেৱী শৰ্মাই গ্ৰন্থখন লিখি উলিয়াইছে।গ্ৰন্থখনৰ আকাৰ সম্পৰ্কত তেখেতে কয় যে ঘৰতে পৰি থকা জুইশলাৰ বাচক দেখিয়েই এনেধৰণৰ গ্ৰন্থ প্ৰস্তুতৰ প্ৰসংগ মনলৈ আহে।উল্লেখযোগ্য যে জুইশলা বাকচটো খোলাৰ লগে লগে এটা এটাকৈ পৃষ্ঠাবোৰ ওলাই যায় আৰু বাকচটো বন্ধ কৰিলেই পুনৰ কিতাপৰ পৃষ্ঠাবোৰ সোমাই পৰে।৪২পৃষ্ঠাৰ গ্ৰন্থখনৰ প্ৰকাশক সাংবাদিক বিজন শৰ্মা।২৫ টকা মূল্যৰ ব্যতিক্ৰম ধৰণৰ গ্ৰন্থখন ইতিমধ্যে ধেমাজিত জনপ্ৰিয় হৈ পৰিছে।

Leave A Reply

Your email address will not be published.