নকছাৰিৰ ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ

0 246

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দুৰাৰোগ্য ৰোগত আক্ৰান্ত এজন ব্যক্তিলৈ নকছাৰিৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি আৰ্থিক সাহাৰ্য্য আগবঢ়ায় মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে৷
 
 
নকছাৰি অঞ্চলৰ বালিজান বাগানৰ নিবাসী মোহন কলিতা নামৰ এজন ব্যক্তি বহুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে যদিও অৰ্থৰ অভাৱত ভালদৰে চিকিৎসা কৰিব পৰা নাই৷
 
 
আনহাতে দুখীয়া লোকৰ চিকিৎসাৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি আছে যদিও কোনো আঁচনিয়ে ঢুকি পোৱা নাই এই দুৰ্ভগীয়া লোকজনক৷
 
সেয়েহে নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকৰ সাধ্য অনুসৰি তেওঁৰ কাষত ঠিয় হৈ কিছু আৰ্থিক সাহাৰ্য্যৰ লগতে কিছু খাদ্য সামগ্ৰী আগবঢ়ায়৷ছাত্ৰ সন্থাই গ্ৰহণ কৰা এই মহান কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় দিপাংকৰ বৰচেতিয়া,লিলু আগৰৱালা,
আৰি আলি আহমেদে৷
 
 
ইফালে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীকো অসহায় ব্যক্তিজনৰ সহায়ৰ বাবে নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাই অনুৰোধ জনাব বুলি জানিব পৰা গৈছে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে..

Leave A Reply

Your email address will not be published.