নগাঁৱত ড° বি আৰ আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱস উদযাপন

0 274

সমগ্ৰ দেশৰ লগতে নগাঁৱটো ভাৰতৰ সংবিধান প্ৰনয়ণ খচৰা সমিতিৰ সভাপতি, ভাৰতৰত্ন ড° ভিমৰাও ৰামজী আম্বেদকাৰৰ ৬৫ সংখ্যক মহাপ্ৰয়াণ দিৱসটি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে। নগাঁৱস্থিত ড° বি আৰ আম্বেদকাৰ ভৱন প্ৰাংগনত অনুসূচিত জাতি পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও পেঞ্চনাৰ ভৱনত কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসমৰ সৌজন্যত ড° আম্বেদকাৰ দিৱস উদযাপন কৰে।
এই উপলক্ষে পুৱা ১০ বজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসমৰ গণশিল্পী সূৰ্য দাসে। বন্তি প্ৰজ্বলন কৰে অনুসূচীত জাতি পৰিষদৰ নগাঁও জিলাৰ সভাপতি ক্ষিতিশ দাস, জাতি পৰিষদৰ জেষ্ঠ নেতা সতৰাম দাস আৰু হৰিকান্ত দাসে। ভোগেশ্বৰী দাসৰ বৰগীতেৰে আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে ৰেৱত হাজৰিকাই। উদ্যোক্তা অনুষ্ঠানটিৰ উপদেষ্টা ভদ্ৰেশ্বৰ দাস আৰু প্ৰণৱ দাসে আঁত ধৰা সভাখনিত নিৰ্দিষ্ট বক্তাৰ ভাষণ ৰাখে জীৱন দাসে। সভাত দিগন্ত হুজাই, অনুসূচিত জাতি পৰিষদৰ নগাঁও জিলা সমিতিৰ সম্পাদক জয়ন্ত দাস, জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক লক্ষণ হীৰা, দীপ দাস, প্ৰভাত দাস, কিৰণ দাসকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।
অনুষ্ঠানৰ পুৱাৰ ভাগত ড° বি আৰ আম্বেদকাৰ ভৱনৰ চৌহদত বৃক্ষ ৰোপন আৰু ছাত্র ছাত্রী সকলৰ মাজত চিত্রাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সন্ধ্যা বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰে।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.