নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়ত আছুৰ গোট গঠন

0 188

হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২২ নৱেম্বৰত নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাতীচোং মহাবিদ্যালয়ৰ আছুৰ এটি গোট গঠন কৰে। হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক সীমান্ত বৰাই।উক্ত সভাত উপস্থিত থাকে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নিপন শৰ্মা,হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলৰ লগতে একতা সভাৰ প্ৰাক্তন সভাপতি,সম্পাদক বিষয়ববীয়া সকল।আহিবলগীয়া দিনত এই সকল ছাত্ৰ সন্থাৰ সতীৰ্থই হাতীচোং মহাবিদ্যালয় খনৰ সৰ্বোত্তৰ উন্নতিৰ ক্ষেত্ৰত লগতে শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰত যি খিনি কৰনীয় থাকিব সেয়া তেওঁলোকে কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাই জানিব দিয়ে।লগতে বৃহত্তৰ হাতীচোং অঞ্চলৰ সামাজিক শৈক্ষিক সাংস্কৃতিক ক্ষেত্ৰ খনত হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন স্তৰত সেৱা আগবঢ়াই যোৱাৰ প্ৰেচেষ্টা অব্যাহত ৰাখিব বুলি জনায়।হাতীচোং মহাবিদ্যায় আছু গোটৰ নৱ নিৰ্বাচিত সভানেত্ৰী সুস্মিতা বৰা,সাধাৰণ সম্পাদক দিব্যজ্যোতি শইকীয়াক দায়িত্বভাৰ লগতে ৫১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.