নগাঁৱৰ জাজৰিত ভোগৰ বিহু ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

0 216

মহামাৰী ক’ৰণাৰ ভয়াবহতা লাহে লাহে শাম কটাৰ পিছত ৰাজ্যত অসমীয়াৰ বাপতি সাহোন ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । সমান্তৰাল ভাৱে চলিছে ভেলাঘৰ সজাৰ প্ৰতিযোগিতা। এই ক্ষেত্রত পিচপৰি ৰোৱা নাই নগাঁও বাসীও। পুৱতি নিশাৰ পৰা ঢেকীৰ শব্দৰ লগতে নগাঁৱৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন স্থানত চলিছে ভেলা ঘৰ নিৰ্মাণৰ প্ৰস্তুতি। বিভিন্ন ঐতিহাসিক বস্তুৰ চানেকি ধান গছৰ নৰাৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰি ৰাইজৰ আকৰ্ষণৰ চেষ্টা কৰা দেখা গৈছে।
উল্লেখ্য যে নগাঁৱৰ জাজৰি শিমলুতলত অঞ্চলৰ চাৰি খন গাঁৱৰ ৰাইজ মিলিত হৈ ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি কৰিছে। তেওঁলোকে জানিবলৈ দিয়া মতে আজি প্ৰায় মাহ যোৰা প্ৰচেষ্টাৰ অন্তত মূল ভেলাঘৰটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ মূল কীৰ্তন ঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে অসমৰ ভূমিপুত্র মিচিং জনগোষ্ঠীৰ চাংঘৰৰ আৰ্হিত বিশাল আকাৰৰ এটি আলহী ঘৰ আৰু মূল প্ৰবেশ পথৰ তোৰণ খন অসম বিশ্ব বিদ্যালয়ৰ মূল তোৰণৰ আৰ্হিত নিৰ্মান প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তাৰোপৰি কেইবাটিও সৰু সৰু মেজিঘৰ ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি তুলিছে। ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা এই নিৰ্মাণ কাৰ্য চাবৰ বাবে ৰাইজৰ আগমন ঘটিছে। উদযাপন সমিতিয়ে জনোৱা মতে মাঘ বিহুৰ সকলো পৰম্পৰা ৰক্ষা কৰি উৰুকা আৰু বিহু দিনাৰ পিছত ১ মাঘৰ পৰা ৭ দিন ধৰি এই স্থানত শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠিত হব।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.