নগাঁৱৰ দলংঘাট মডেল হস্পিতালত এম্বুলেন্স প্ৰদান বিধায়িকা শিৱামনি বৰাৰ

0 199

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই সমষ্টিৰ স্বাস্থ্য সেৱাৰ উন্নয়ণৰ বাবে তৎপৰতা অৱলম্বন কৰিছে৷ঘাইকৈ সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজে যাতে পৰ্যাপ্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ইয়াৰ অংশহিচাপে বিধায়িকাগৰাকীৰ বিশেষ তৎপৰতাত সমষ্টিটোৰ এক বৃহৎ অঞ্চল সামৰি পাঘালী গাঁও পঞ্চায়তৰ অন্তৰ্গত দলংঘাটত থকা দলংঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ বিধায়ক উন্নয়ন পুঁজিৰ দ্বাৰা এখন এম্বুলেন্স প্ৰদান কৰে ৷ এই মৰ্মে, শনিবাৰে চিকিৎসালয় প্ৰাংগনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাইজৰ সেৱাৰ বাবে এম্বুলেন্সখন আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ অনুষ্ঠানত বিধায়িকাগৰাকীয়ে সমষ্টিৰ সৰ্বসাধাৰণ লোকসকলে যাতে চিকিৎসা সেৱাৰ পৰা কোনো কাৰণতে বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ কথা অৱগত কৰে ৷ চিকিৎসালয়খনৰ চিকিৎসক ডা: বুৰহান উদ্দিন চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ, চিকিৎসালয়ৰ উপ অধীক্ষক ডা: উৎপল কুমাৰ মহন্ত, দলংঘাট উন্নয়ণ খণ্ডৰ বিষয়া সমীন ডেকা, দলংঘাট ব্লক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ, তিৱা স্বায়ত্ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ধৰ্মেন্দ্ৰ বৰদলৈ, বটদ্ৰৱা ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিন, সমাজকৰ্মী বীৰেন লালুং, যুৱ নেতা মনোৰঞ্জন বৰা, বিকাশ বৰা, সমীৰ ৰায় চোধুৰী, যুৱ কংগ্ৰেছৰ পাৰ্থ প্ৰতীম বৰা, পৰাগ জ্যোতি কলিতাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে৷বিধায়িকাগৰাকীৰ এনে পদক্ষেপক সচেতন মহলে শলাগ লৈছে৷
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.