নগাঁৱৰ দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত পোষণ মাহ উদযাপন

0 246

নগাঁও জিলাৰ দলংঘাট স‌ংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ‍্যোগত বুধবাৰে দলংঘাট সংহত শিশু প্ৰকল্পৰ অন্তৰ্গত ৪টা চক্ৰৰ অন্তৰ্গত আংগনবাদী কমীসকলে পোষণ মাহৰ ওপৰত গৰ্ভৱতী মহিলা সকলক কেনেধৰণৰ পুষ্টিকৰ আহাৰ খোৱাব পাৰি তাৰ ওপৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰে । বটদ্ৰৱাৰ কুৰুৱাৱাহীস্থিত প্ৰদৰ্শনী খন বন্তি প্ৰজ্বলনেৰে মুকলি কৰে দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মনিতা দাস ৰাহাঙে । এই অনুষ্ঠানত উপস্থিত থাকে দলংঘাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ধৰিত্ৰী ৰংপী,খাগৰিজান স্কুল পৰিদৰ্শক নীলাক্ষী ৰাজকুমাৰী,নিজ হাতীচোং পঞ্চায়তৰ সভাপতি অভিজিৎ মেধি, সমাজ সেৱক ইন্দমোহন বৰা, প্ৰকল্প পোষণ বিষয়া ৰীতা মনি বৰা,মুখ্য সেবিকা পদ্মা শইকীয়া,পৰী গুপ্তা বৰা,বনশ্ৰী বৰা, ৰাধিকা ৰামদিয়াৰী আৰু আংগনবাদী কৰ্মীসকল।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.