নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰীলৈ ভাৰত ভূষণ সন্মান

0 208

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত কৰা হ’ল অসমৰ ছাত্ৰী সৃষ্টিৰাণী টাইডক । নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী সৃষ্টিৰাণীলৈ আগবঢ়োৱা হৈছে ভাৰত ভূষণ সন্মান । মধ্য অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী বেচৰকাৰী প্ৰতিষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী সৃষ্টিৰাণী টাইডক ভাৰত ভূষণ সন্মানেৰে সন্মানিত কৰা হয় । সৃষ্টিৰাণী একেধাৰে কবি, লেখিকা আৰু গীতিকাৰ ।তেওঁ ৰচনা কৰা কিতাপ আঠটা ভাৰতীয় ভাষাত প্ৰকাশিত হৈছে । এই সৃষ্টিৰাজিৰ বাবেই প্ৰতিভাসম্পন্ন ছাত্ৰীগৰাকীক ভাৰত ভূষণ সন্মানেৰে সন্মানিত কৰা হয় । মধ্য প্ৰদেশৰ ভূপালত ‘সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়’, ‘নীতি আয়োগ’, ‘আত্মনিৰ্ভৰ ভাৰত’, ‘ডিজিটেল ইণ্ডিয়া’ৰ সহযোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানিত কৰা হয় সৃষ্টিৰাণীক । NASF ৰ উপাচাৰ্য ড° দিকামৰাজা আৰু NASF ৰ মহানিৰ্দেশক ড° জে কে সুব্ৰমণিয়ামৰ পৰা এই বঁটা গ্ৰহণ কৰে ছাত্ৰীগৰাকীয়ে।
সৃষ্টিৰাণীক ভাৰত ভূষণ সন্মানেৰে সন্মানিত কৰাৰ পাচতে পিতৃ মণিন্দ্ৰ টাইড, মাতৃ মাকমি নৰহ টাইডৰ লগতে লখিমপুৰৰ ৰাইজ আনন্দিত হৈ পৰিছে । উল্লেখ্য যে, সৃষ্টিৰাণীয়ে অতি কম বয়সতে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে । ইতিমধ্যে ৱৰ্ল্ড বুক অৱ টেলেণ্ট ৰেকৰ্ড, আছাম বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে সৃষ্টিৰাণীয়ে ।তদুপৰি ইণ্ডিয়া প্ৰাইম আইকন এৱাৰ্ড, ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন, জি টাউন এৱাৰ্ড, ডব্লিউ বি টি আৰ গ্ল’বেল এক্সেলেঞ্চ অনলাইন এৱাৰ্ডো লাভ কৰিছে ছাত্ৰীগৰাকীয়ে । লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনে তেওঁক ইণ্ডিয়ান আইকন এৱাৰ্ডৰ বাবেও নিৰ্বাচিত কৰিছে । সৃষ্টিৰাণীৰ সাফল্যত স্বাভাৱিকতে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত৷

Leave A Reply

Your email address will not be published.