নাগালেণ্ড চৰকাৰৰ আনলক-৬ ঘোষণা- খুলিব শিক্ষানুষ্ঠান

0 225

নাগালেণ্ডৰ ক`ভিড পৰিস্থিতি ক্ৰৰ্মাৎ নিয়ন্ত্ৰণলৈ অহাত নেইফিউ ৰিঅ’ চৰকাৰে আনলক- ৬ ঘোষণা কৰিছে । বৃহস্পতিবাৰে কহিমাত মুখ্যমন্ত্ৰী ৰিঅ’ৰ অধ্যক্ষতা অনুষ্ঠিত গৃহ বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন বৈঠকে অহা ১ অক্টোবৰৰ পৰা ৫০% শিক্ষাৰ্থীৰে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো বিদ্যালয়ৰ খোলাৰ অনুমতি প্ৰদান কৰিছে ।কিন্তু এই ক্ষেত্ৰত সকলো শিক্ষকে দুয়ো পালি ক`ভিড প্ৰতিষেধক লোৱাতো বাধ্যতামূলক কৰিছে স্বাস্থ্য বিভাগে । একেদৰে ৰাজ্যত বিগত ডেৰবছৰ ধৰি বন্ধ হৈ থকা চিনেমা হ’ল আৰু চুইমিঙ পুলসমূহো পঞ্চাশ শতাংশ উপস্থিৰে খোলাৰ অনুমতি প্ৰদান কৰা হৈছে।
ইফালে ৰাজ্যখনত বৰ্তমানৰ দৰে যদি কোভিড পৰিস্থিতি ৫ শতাংশৰ তলত নিয়ন্ত্ৰণত থাকে তেনেহলে ২০২১ বৰ্ষৰ বিশ্ব প্ৰসিদ্ধ হৰ্নবিল উৎসৱ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে । এই সন্দৰ্ভত অহা ২৩ ছেপ্টেম্বৰত নাগালেণ্ডৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগে সিদ্ধান্ত ল’বৰ বাবে এখন আন্ত: বিভাগীয় বৈঠকৰ আহবান কৰিছে ।উল্লেখযোগ্য যে উৎসৱৰ ৰাজ্য নাগালেণ্ডত প্ৰত্যেক বছৰেই ১ ডিচেম্বৰ পৰা দহ ডিচেম্বৰলৈ বৰ্ণিল জনগোষ্ঠীয় লোক কৃষ্টিৰে নগা ঐতিহ্য গাঁও কিছামাত অনুষ্ঠিত হৈ আহিছে যদিও বিগত ২০২০ চনত লকডাউনৰ বাবে বাতিল কৰা হৈছিল । সম্প্ৰতি নাগালেণ্ড চৰকাৰৰ এই সিদ্ধান্তত পৰ্যটকসকল উৎফুল্লিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.