নাজিৰা মহকুমাত মন্ত্ৰী-সাংসদৰ দুগ্ধ আৰু গাহৰি প্ৰকল্প পৰিদর্শন

0 230

অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু সমবায় বিভাগৰ মন্ত্ৰী অতুল বৰাই নাজিৰাৰ চানবছাস্থিত “দুগ্ধ সংশাধন প্ৰকল্প” পৰিদর্শন কৰে। তেখেতে সোন্দৰপুখুৰী দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধীনস্থ দুগ্ধ প্ৰকল্পটো পৰিদর্শন কৰি ইয়াক পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলি জনায়। তদুপৰি ইয়াক সুচাৰুৰূপে চলাই থকাৰ বাবে প্রয়োজনীয় গাখীৰৰ উৎপাদন বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্রদান কৰে।
দুগ্ধ প্ৰকল্পটো পৰিদর্শনৰ পিচতে মন্ত্ৰী গৰাকীয়ে সমীপবৰ্তী “গাহৰি মাংস সংশাধন প্ৰকল্প”ত উপস্থিত হয়।” অসম পশুধন আৰু হাঁহ কুকুৰা নিগম”ৰ অধীনস্থ আধুনিক প্ৰকল্পটো পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে ইয়াৰ জৰিয়তে নিবনুৱাসকলৰ বাবে আত্মসংস্থাপনৰ সুবিধা মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে। দৈনিক ৪০০ টাকৈ গাহৰি সংশাধন ক্ষমতাৰ প্ৰকল্পটোৰ বাবে প্রয়োজনীয় গাহৰি নিয়মীয়াকৈ যোগানৰ বাবে দাঁতি-কাষৰীয়া জিলাসমুহত গাহৰি পালনৰ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। তেখেতে চৰকাৰৰ তৰফৰপৰা ইয়াৰবাবে প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলি প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে উপস্থিত ৰাইজক গোপালন, গাহৰি পালনৰ উপৰিও পশুপালন তথা কৃষি ক্ষেত্রত ব্ৰতী হৈ স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনক আৰ্থিক দিশত আগবঢ়াই নিবলৈ আহ্বান জনায়।
মন্ত্ৰী অতুল বৰাই লগতে কয় যে এই প্ৰকল্পটোৰ জৰিয়তে গাহৰি মাংস এ.এচ.ই.এ.এন দেশ সমূহত ৰপ্তানি সম্ভৱপৰ হৈ উঠিব। উল্লেখযোগ্য যে এই ভ্ৰমণকালত মন্ত্ৰী গৰাকীৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়েও অংশগ্রহণ কৰে। ৰাইজক উদ্দেশ্যি দিয়া ভাষণত সাংসদ গৰাকীয়ে এই দুগ্ধ আৰু গাহৰি সংশাধন প্ৰকল্প দুটিয়ে শিৱসাগৰৰ উপৰিও দাঁতি-কাষৰীয়া জিলাসমূহৰ কৃষক সকললৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা দিব বুলি আশা প্ৰকাশ কৰে। ভ্ৰমণকালত উপস্থিত থাকি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই প্ৰকল্প দুটি যথাসম্ভৱ সোনকালে সম্পূর্ণ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জিলাখনৰ পশুপালন খণ্ডৰ উন্নয়নৰ বাবে জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হৈছে বুলি উপায়ুক্তই সদৰি কৰে। মন্ত্ৰী তথা সাংসদৰ পৰিদর্শন কালত বিশেষভাৱে আঁত ধৰে নাজিৰাৰ পশু চিকিৎসা বিষয়া ডাঃ জগদীশ বৰ্মনে। নিজৰ আদৰণি ভাষণত তেখেতে পশুপালন মন্ত্ৰী হিচাবে পুনৰবাৰ দায়িত্ব গ্রহণ কৰি নাজিৰালৈ আহি প্ৰকল্প দুটি পৰিদর্শন কৰা বিষয়টোৱে অঞ্চলটোৰ কৃষক ৰাইজৰ বাবে যঠেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিব বুলি উল্লেখ কৰে।
তেখেতে গোপালন আৰু গাহৰি পালনত উৎসাহিত কৰাৰ বাবে বিশেষ আঁচনি গ্রহণৰ বাবে অনুৰোধ জনায়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে কয় “দুগ্ধ আৰু গাহৰি প্ৰকল্প দুটা গতিশীল কৰাৰ বাবে চৰকাৰে এক অনুপ্ৰেৰণা আগবঢ়াইছে। গতিকে এই প্ৰকল্পৰ লগত জৰিত সকলো লোকে চৰকাৰে দিয়া সুবিধা সমূহ গ্ৰহণ কৰি সুপৰিকল্পিত ভাৱে আগবঢ়া উচিত।” উল্লেখযোগ্য যে আজিৰ এই ভ্ৰমণকালত মন্ত্রীজনৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়েও অংশগ্রহণ কৰে। তদুপৰি নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, ৰাজহ চক্ৰ বিষয়া শান্তনু গগৈ, নিৰ্বাচনী বিষয়া সুজাতা গগৈ, সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তৰ লগতে সমবায়খনৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়া সকল, জিলা পশুপালন বিষয়াৰ উপৰিও অঞ্চলটোৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে অংশগ্রহণ কৰে। মন্ত্ৰী তথা সাংসদৰ এই ভ্ৰমণে অঞ্চলটোৰ গোপালক সকলক যঠেষ্ট উৎসাহি কৰি তুলে। উক্ত সভাৰ অন্তত কৃষি মন্ত্ৰী অতুল বৰা দেৱে মেছাগড়ত শালি ধানৰ কঠিয়া সিচা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.