নাৰায়াণা চুপাৰস্পেচিয়েলিটি হস্পিতালৰ সাফল্য

0 277

গুৱাহাটীস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পিতালে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে বৃক্ক সংৰোপন অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে।
 
মৰিগাওঁৰ ৰকিবুৰ ৰহমান নামৰ এগৰাকী ২৭ বছৰীয়া যুৱকে দীৰ্ঘদিন ধৰি গুৰুতৰভাৱে বৃক্কৰোগত ভুগি আছিল আৰু যাৰ বাবে তেওঁক তাৎক্ষণিকভাৱে ডায়েলাইছিছ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল আৰু আমিনগাওঁৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পিতালত বিশেষজ্ঞ নেফ্ৰ’ল’জিষ্ট ডাঃ হামাদ জিলানীৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল। উল্লেখ্য যে ৰোগীগৰাকীক নতুনকৈ বৃক্ক প্ৰদান কৰিবলগীয়া হোৱাত তেওঁৰ ৫৩ বছৰীয়া পিতৃয়ে পুত্ৰৰ জীৱন ৰক্ষা কৰিবৰ বাবে এটা বৃক্ক প্ৰদান কৰে। স্মৰ্তব্য যে নাৰায়ণা হস্পিতাল গুৱাহাটীয়ে ২০১৯ চনৰ ১৭ অক্টোবৰত এই বৃক্ক সংৰোপন কাৰ্যসূচী প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰিছিল।
 
বিগত বৰ্ষৰ ২২ ছেপ্তেম্বৰত প্ৰথমটো বৃক্ক সংৰোপন কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰাৰ পিছত ধাৰাবাহিকভাৱে দ্বিতীয়টো বৃক্ক সংৰোপনো সফলতাৰে সম্পন্ন কৰিছে চিকিৎসালয়খনে।
উল্লেখ্য যে কালি গুৱাহাটীৰ আমিনগাওঁস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পিতালৰ চৌহদত আয়োজিত এক সংবাদমেল সম্বোধন কৰি চিকিৎসালয়খনৰ বিশেষজ্ঞ নেফ্ৰ’ল’জিষ্ট ডাঃ হামাদ জিলানী আৰু এই বৃক্ক সংৰোপন কাৰ্যসূচীৰ অন্যান্য চিকিৎসকসকলে বিগত ৯ ফেব্ৰুৱাৰীত চিকিৎসালয়ত ৰবিবুৰ ৰহমানৰ দেহত সম্পন্ন কৰা এই বৃক্ক সংৰোপনৰ সবিশেষ দিশ উল্লেখ কৰে। লগতে দলটোত থকা আটাইখিনি চিকিৎসককে অভিনন্দন জ্ঞাপন কৰে। ইফালে সংবাদমেলত উপস্থিত থাকি বিশেষজ্ঞ লেপাৰ’স্ক’পিক আৰু ৰেনেল ট্ৰান্সপ্লাণ্ট ছাৰ্জন ডাঃ সৈকত মালিকে কয় যে ৰোগীগৰাকীয়ে এই সংৰোপনৰ পিছতেই ক্ষীপ্ৰতাৰে আৰোগ্য লাভ কৰিছে আৰু মাত্ৰ ১০ দিনৰ ভিতৰতে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। অৱশ্যে চিকিৎসকৰ দলে এতিয়াও তেওঁক ধাৰাবাহিকভাৱে পৰ্যবেক্ষণত ৰাখিছে। ডাঃ মালিকে লগতে কয় যে ক্ৰ’নিক ৰেলেনৰ বিকাৰৰ ক্ষেত্ৰত সংৰোপনেই শ্ৰেষ্ঠতম চিকিৎসা উপায়।
 
ইফালে এই সংৰোপন কাৰ্যসূচীৰ আন এগৰাকী চিকিৎসক তথা বিশেষজ্ঞ ইউৰ’ল’জিষ্ট ডাঃ এছ ডব্লিউ হাছানে ৰোগীগৰাকীক বৃক্ক দান দিয়া পিতৃৰো ক্ষীপ্ৰতাৰে স্বাভাৱিক অৱস্থালৈ উভতি অহাৰ বিষয়ে উল্লেখ কৰি সন্তোষ প্ৰকাশ কৰে। আন এগৰাকী বিশেষজ্ঞ নেফ্ৰ’ল’জিষ্ট ডাঃ অৰুণিমা মহন্তই কয় যে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হস্পিতাল গুৱাহাটীত থকা উন্নত প্ৰযুক্তি আৰু সা-সৰঞ্জামেৰে অতি সুচলতাৰে বিভিন্ন বৃক্ক ৰোগ নিৰাময় কৰিব পৰা যায়।

Leave A Reply

Your email address will not be published.