নাৰেংগীত গণৰাজ্য দিৱসৰ এন চি চিৰ উত্তৰ পূব মণ্ডলৰ বাছনি শিবিৰ পৰিদৰ্শন এ ডি জি , মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ

0 256

ৰাজধানী নতুন দিল্লীত ২০২২ বর্ষত অনুষ্ঠিত হবলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লোৱাৰ বাবে ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) ১৭ টা মণ্ডল সঞ্চালকালয়ৰ কেডেট সকলৰ বাছনি শিবিৰ সমূহ প্ৰতিটো সঞ্চালকালয়ত ডিচেম্বৰ মাহৰ আৰম্ভণিৰে পৰা চলি আছে । ইয়াৰ লগত সংগতি ৰাখি এন চি চিৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ বাছনি শিবিৰ গুৱাহাটী গ্রুপৰ অধীনত নাৰেংগী সেনা শিবিৰ চৌহদত ৩ ডিচেম্বৰৰ পৰা চলি আছে । দুসপ্তাহযোৰা শিবিৰত উত্তৰ পূব মণ্ডলৰ অধীনৰ সাতখন ৰাজ্যৰ তিনিওটা শাখা ক্ৰমে স্থল , নৌ আৰু বায়ু সেনাৰ নিৰ্বাচিত ৬৩ জন কেডেটে ভাগ লৈছে । এন চি চিৰ গুৱাহাটী গ্রুপৰ গ্রুপ কমাণ্ডাৰ , ব্ৰিগেডিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰৰ তত্বাৱধানত চলি থকা শিবিৰত কেডেট সকলক দৈনিক শাৰীৰিক ব্যায়াম , দৌৰ , পেৰেড , ক্ৰীড়া , যোগ , বন্দুক চালনা তথা ফায়াৰিং , এৰো মডেলিং , অগ্নি নিৰ্বাপন , প্ৰাথমিক চিকিৎসা আদিৰ প্ৰশিক্ষণ প্ৰদানৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ অনুশীলন কৰি অহা হৈছে। আনহাতে আজি শিবিৰ পৰিদৰ্শন কৰে এন চি চিৰ উত্তৰ পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি ) মেজৰ জেনেৰেল ভাস্কৰ কলিতাই । শিবিৰত মেজৰ জেনেৰেল ভাস্কৰ কলিতাক কেম্প কমাণ্ডেণ্ট ব্ৰিগেডিয়াৰ যোগেশ চন্দ্ৰ তালুকদাৰে আদৰণি জনোৱাৰ পাছত কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰে কলিতাই । তাৰ পাছত কেডেট সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে প্ৰশিক্ষণ কাৰ্যৰ বুজ লয় । জেনেৰেল কলিতাই কেডেট সকলক উদ্দেশ্যি মূল্যবান ভাষণ দিয়াৰ লগতে অনাগত দিনত দেশৰ সামৰিক – অৰ্দ্ধ সামৰিক বাহিনীত যোগ দি দেশমাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায় । আনহাতে বিশিষ্টা কৰিঅ’গ্ৰাফাৰ প্ৰনামী ভাগৱতীৰ নেতৃত্বত কেডেট সকলে পৰিবেশন কৰা বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। ইয়াৰ উপৰিও কেডেট সকলৰ সৈতে কলিতাই একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে । উল্লেখযোগ্য যে ১৬ ডিচেম্বৰত কেডেটৰ দলটো ৰেলযোগে নতুন দিল্লীলৈ ৰাওনা হব আৰু ২০২২ চনৰ ২৯ বা ৩০ জানুৱাৰীলৈ গণৰাজ্য দিৱসৰ পেৰেডৰ কাৰ্যসূচীৰ সামৰণিলৈ তাত থাকিব । উত্তৰ পূব মণ্ডলৰ কেডেটৰ দলটোক নেতৃত্ব দিব এন চি চিৰ গুৱাহাটীস্থিত ৬০ আসাম গাৰ্লছ বেটেলিয়ানৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল অনিল কুমাৰে। নতুন দিল্লীত যাবলগীয়া দলটোত দুখন শিক্ষানুষ্ঠানৰ দুজন সহযোগী এন চি চি বিষয়াও থাকিব।

Leave A Reply

Your email address will not be published.