নাৰ্ছাৰী প্ৰতিষ্ঠা কৰিছে এজন অৱসৰপ্ৰাপ্ত শিক্ষকে

0 242

এজন অৱসৰপ্ৰাপ্ত শিক্ষকে নিজা প্রচেষ্টাৰে সাজি উলিয়াইছে এখন নাৰ্ছাৰী।নাৰ্ছাৰীখনৰ নাম বন্দনা। আজি এই বন্দনা নামৰ নাৰ্ছাৰীখন আনুষ্ঠানিকভাৱে মুকলি হয়।
 
 
নাৰ্ছাৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন শইকীয়াই।নাৰ্ছাৰীখন উদ্বোধন কৰি শিক্ষক হেমেন শইকীয়াই হিৰোজ শইকীয়াৰ প্ৰচেষ্টাক শলাগ লয়।উল্লেখযোগ্য যে নাৰ্ছাৰীখনৰ ১৫০ ৰো অধিক বিভিন্ন প্ৰজাতি ফুল আছে।আজি অনুষ্ঠিত অনুষ্ঠানত হিৰোজ শইকীয়াৰ পৰিয়ালবৰ্গ, বিভিন্ন আমন্ত্ৰিত ব্যক্তিৰ লগতে বালিপাৰাৰ বিভিন্ন ৰাইজ ,শুভাকাংক্ষী উপস্থিত থাকে।
খবৰ যুগুতালে বালিপাৰাৰ পৰা প্ৰাঞ্জল বৰাই..

Leave A Reply

Your email address will not be published.