নিউ ইণ্ডিয়া চৌপালৰ কাৰ্য্যসূচী অনুষ্ঠিত

0 268

জনসাধাৰণৰ কল্যাণৰ্থে কেন্দ্ৰীয় চৰকাৰৰ ৰূপায়ন কৰা বিভিন্ন আঁচনি সমূহ জনসাধাৰণৰ মাজত লৈ যোৱাৰ উদ্দেশ্য আৰু ইয়াৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদেশ্য আৰম্ভ হোৱা নিউ ইণ্ডিয়া চৌপাল কাৰ্য্যসূচী শনিবাৰে গুৱাহাটীৰ ৰুক্মিণী নগৰ স্থিত ৰংগমঞ্চৰ বাকৰিত দিনৰ তিনি বজাৰ পৰা অনুষ্ঠিত  হয়। ভাৰত চৰকাৰৰ প্ৰচাৰ আৰু সম্প্ৰচাৰ বিভাগৰ উত্তৰ পূৱৰ প্ৰান্তৰ মুখ্য সম্পাদক কুলদ্বীপ সিং ধাতালিয়াই মুকলি কৰা অনুষ্ঠানটোত ছাত্ৰ -ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, চৰকাৰী আঁচনি সমূহ জনসাধাৰণক জনাব পৰাকৈ চুটি নাটক, আৰু বিভিন্ন সুবিধা লাভ কৰা হিতাধিকাৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে লটাৰী আদি অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ মুঠ ৩১৮ খন জিলাক সামৰি আৰম্ভ হোৱা এই চৌপাল কাৰ্য্যসূচী ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছে আৰু ৮ হাজাৰ স্থানত ইয়াক ৰূপায়নৰে মাৰ্চত অন্ত পৰিব।

Leave A Reply

Your email address will not be published.