নিজেই নিজকে আৱদ্ধ কৰিলে জয়ন্তীয়াবাসীয়ে

0 290

যি সময়ত অসমৰ একাংশ চহৰাঞ্চলৰ লোকক প্ৰশাসনে নীতি নিয়ম বলবৎ কৰি হোম কোৱাৰেন্টাইন কৰিবলৈ বাধ্য হৈছে।সেই সময়ত মেঘালয় জয়ন্তীয়া পাহাৰৰ একাংশ লোকে আদৰ্শ দেখুৱাইছে।
 
 
 
 
 
জানিব পৰা মতে আজিৰ পৰা কিছুদিনৰ আগতে জয়ন্তীয়া পাহাৰৰ ১২জন লোক বিভিন্ন কাৰণত সমীপৱৰ্তী ঠাইলৈ গৈছিল।দেশত লক ডাউন ঘোষণা হোৱাৰ পিছতে তেওঁলোক আৱদ্ধ হৈ পৰে।সেই সময়ত তেওঁলোকে জ্ঞাত হৈছিল যে  এতিয়া গাঁৱলৈ উভতি গ’লে গাৱত থকাতো একেবাৰে সম্ভৱ নহ’ব।
 
 
 
সেয়ে নিজেই তেওঁলোকে অস্থায়ী শিবিৰ স্থাপন কৰি নিজকে ১৪দিনৰ বাবে কোৱাৰেণ্টাইন কৰিলে।অৱশ্যে পৰৱৰ্তী সময়ত মেঘালয়ৰ চৰকাৰে সাহাৰ্য্য আগবঢ়াইছে।
 
 
 
 
এই সকলো কথা পোহৰলৈ আনিছে মেঘালয়ৰ সমাজ কল্যাণ মন্ত্ৰী ক্যামেন শীলায়ে।মেঘালয়ৰ জয়ন্তীয়াবাসীয়ে গ্ৰহণ কৰা এই পদক্ষেপ সম্প্ৰতি সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে।
 
খবৰ যুগুতালে শ্বিলঙৰ পৰা ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তীয়ে..

Leave A Reply

Your email address will not be published.