নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰাৰ সময়ত কৰ্মমুখী শিক্ষা প্ৰদান কৰিছে অসমৰ এখন মহাবিদ্যালয়ে

0 268

যোৰহাট জিলাৰ দক্ষিণ প্ৰান্তৰ এখন শিক্ষানুষ্ঠান হৈছে চিনামৰা মহাবিদ্যালয়। এই চিনামৰা মহাবিদ্যালয়ৰ চাৰিওফালে বিৰাজমান হৈ আছে এক সুন্দৰ আৰু সুশোভিত পৰিৱেশ। এক অতি সুন্দৰ সেউজীয়া ৰঙেৰে ৰহণ চৰোৱা সোণতে সুৱগা চৰা পৰিৱেশে আৱৰি আছে এই মহাবিদ্যালয়খনৰ চাৰিওফাল। মহাবিদ্যালয় খনৰ কাষতে আছে এটা ডাঙৰ পুখুৰী। সেই পুখুৰীৰ দুয়োপাৰত ৰোৱা আছে শাৰী শাৰীকৈ তামোল গছ, পান আৰু কল গছৰ লগতে বহু দুস্প্ৰাপ্য তথা মুল্যৱান গছ গছনিও।
 
 
সাম্প্ৰতিক সময়ত যোৰহাট জিলাৰ এই চিনামৰা মহাবিদ্যালয়ে সমগ্ৰ অসমৰ ভিতৰতে এখন ব্যতিক্ৰমী মহাবিদ্যালয় হিচাপে এক নিজস্ব পৰিচিতি লাভ কৰিছে। ক’ৰণা মহামাৰীয়ে ধাৰণ কৰা ভয়াৱহ পৰিস্থিতিৰ ফলস্বৰূপে সম্প্ৰতি অসমত পূৰ্বৰে পৰা থকা নিবনুৱা সমস্যাই পুনৰ এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বছৰেকত সমগ্ৰ ৰাজ্যৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে  আনুষ্ঠানিক শিক্ষা সাং কৰে। তাৰ পিছত  এটা ভাল সংস্থাপনৰ কাৰণে বহুখিনি দুৰ্ভোগ ভুগিব লগীয়া হৈ পৰে। যাৰ কাৰণে অসমত আছে লাখ লাখ শিক্ষিত নিবনুৱা। শিক্ষাৰ হাৰৰ বিপৰীতে কৰ্মসংস্থাপনৰ সংখ্যা বহুত কম যাৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে।
 
 
যোৰহাটৰ চিনামৰা মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল ১৯৯১চনৰ জুন মাহৰ ১তাৰিখে। এই মহাবিদালয়খনে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী সকলৰ আগন্তুক ভৱিষ্যতৰ কথা চিন্তা কৰি ছাত্ৰ ছাত্ৰী সকলক সংস্থাপনমুখী কৰি তোলাৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতলৈ গুৰুত্ব প্ৰদান কৰি একপ্ৰকাৰৰ বিকল্প তথা উদ্ভাৱনী কৰ্মসূচী প্ৰদান কৰাৰ বাবে অহৰহ যত্নপৰ হৈ উঠিছে মহাবিদ্যালয় কৰ্তৃপক্ষ। বিগত ৯মে’ তাৰিখৰ দিনা চিনামৰা মহাবিদ্যালয়ৰ গ্ৰীণ থিংকাৰ জেদ টি এম চছাইটিৰ উদ্যোগত মহাবিদালয়খনত এক কৰ্মমুখী প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয়।
 
 
উল্লেখ্য যে এই কৰ্মমুখী প্ৰকল্পৰ আৰম্ভণিৰ প্ৰথম পৰ্যায় হিচাপে মহাবিদ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ দুশটা কল পুলি ৰোপণ কৰা হয়। সমান্তৰালভাৱে চিনামৰা মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে মহাবিদ্যালয়খনত আগন্তুক ছমাহৰ ভিতৰত হস্ত শিল্প, সমবায় কেন্দ্ৰ, মৌপালন, কেঁচুসাৰ উৎপাদন, জালুকৰ খেতি আদি সুদুৰপ্ৰসাৰী কৰ্মসমূহ বিজ্ঞান সন্মত ভাৱে আৰম্ভ কৰাৰ ব্যৱস্থা হাতত লৈছে। চিনামৰা মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই কৰ্মক বিজ্ঞানসন্মত ভাৱে সহায় কৰিবলৈ ইতিমধ্যে আগবাঢ়ি আহিছে দেশৰ কেইবাটাও সংস্থা।
 
 
লক্ষণীয় যে এই কৰ্মমুখী প্ৰকল্পটোৰ জৰিয়তে চিনামৰা মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এক কৰ্মমুখী শিক্ষাৰে শিক্ষিত হৈ উঠিব আৰু তেওলোকৰ স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ তেওলোকে নিজেই সক্ষম হৈ পৰিব। উল্লেখ্য যে মহাবিদ্যালয়খনৰ চৌহদতে এটা আটোমটোকাৰি সংগ্ৰহালয়ো আছে। এই সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰা হৈছিল ২০০৪ চনতে।
 
 
ইতিমধ্যে সংগ্ৰহালয়টোত বহুতো পুৰণি সাঁচিপতীয়া পুথিকে আদি কৰি ঐতিহাসিক আহোম ৰাজকোঁৱৰ গমধৰ কোঁৱৰে বৃটিছৰ বিৰুদ্ধে ব্যৱহাৰ কৰা নাও, চাৰিশ বছৰীয়া তেলপানী সত্ৰৰ ঐতিহাসিক মূৰ্তি, দুশ বছৰীয়া কিংখাপৰ কাপোৰ, দেশ বিদেশৰ অলেখ প্ৰাচীন মূদ্ৰাকে ধৰি ঐতিহ্যবহনকাৰী বহু সম্পদ আছে। মন কৰিবলগীয়া যে চিনামৰা মহাবিদালয়ৰ চৌহদত থকা এই সমগ্ৰ পুৰণি সংগ্ৰহালয়টোকে কেন্দ্ৰ কৰি মহাবিদ্যালয় কৰ্তৃপক্ষই গঢ়ি তুলিছে এটা অভিলেখাগাৰ আৰু গ্ৰন্থাগাৰ। চিনামৰা মহাবিদ্যালয় চৌহদৰ এই সংগ্ৰহালয়টোক ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে ৰাজধানী নতুন দিল্লীস্থিত অল ইণ্ডিয়া মিউজিয়াম এচছিয়েশ্যনে।
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.